শেহতীয়া প্ৰলয়ংকাৰী বানে পুনৰ বিধ্বস্ত কৰি দিলে বোকাখাতৰ বংকোৱাল তথা ইয়াৰ গ্ৰাম্য অৰ্থনীতি।মথাউৰি বাট পথেই নহয়,কৃষিপথাৰ, ভঁৰাল,পশুধন,বেপাৰ-বাণিজ্য আৰু বিদ্যালয় সমূহৰ কাৰ্যকলাপত পুনৰ শতিকা পিছ পৰি গ’ল বংকোৱাল। ইয়াৰ মাজতে কৃষকৰ বুকুৰ কুটুম এহাল বলধ গৰু চকুৰ পচাৰতে চিগা মথাউৰিৰ ঢল পানীয়ে উটুৱাই নিয়ে। বংকুৱাল ঐজানপাৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা বগাৰাম দাওৰ পৰিয়ালৰ এহাল বলধ গৰু বানে উটুৱাই নিয়াত ঘৰখন সৰ্বস্বান্ত হৈ পৰে।পুনৰ প্ৰায় দুবছৰৰ সাঁচতীয়া ধানৰ ভঁৰাল ভাগি বানত উটি যোৱাত পৰিয়ালটিৰ বাবে জ্বলা জুইত ঘিঁউ ঢলাৰ সমান হৈ পৰিছে। Share this:FacebookX Related Post navigation চেমচাঙে নতুন গ্যালাক্সি জেড চিৰিজ ফ’ল্ডেবলৰ বাবে প্ৰাক-ৰিজাৰ্ভ বিকল্প ঘোষণা কৰিছে বৰপেটাটো ভয়ানক পৰিস্থিতি