শ্ৰীধৰ আৰানালাই ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয় (ইউ এছ টি এম)ৰ ছাত্ৰ-ছাত্ৰীসকলক আজি সম্বোধন কৰে। শ্ৰী আৰানালাই ইউ এছ টি এমৰ প্ৰশিক্ষণ আৰু প্লেচমেণ্ট বিভাগে আয়োজন কৰা এক অনুস্থানত “যুৱক যুৱতী সকল গঢ়ি তোলাত সংবাদ মাধ্যমৰ ভূমিকা”ৰ ওপৰত কয় ।

প্ৰিন্ট অধিক বিশ্বাসযোগ্য হয় কাৰণ ডিজিটেল জগতত সকলো ব্ৰেকিং নিউজ হৈ পৰে।” এই কথা কয় দ্য হিন্দু গ্ৰুপৰ উপ-সভাপতি শ্ৰীযুত শ্ৰীধৰ আৰানালাই ।

ভাষণত অৰানালা ডাঙৰীয়াই ডিজিটেল প্লেটফৰ্মৰ উত্থানৰ মাজত ছপা মাধ্যমৰ চিৰস্থায়ী তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডিজিটেল প্লেটফৰ্মত প্ৰচলিত ভুৱা বাতৰিয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, “প্ৰিণ্ট ইয়াত থাকিবলৈ আহিছে কাৰণ ই অধিক বিশ্বাসযোগ্য। তেওঁ জোৰ দি কয় যে বৈজ্ঞানিক অধ্যয়নসমূহে উন্নত বুজাবুজি আৰু শিক্ষণৰ বাবে প্ৰিন্ট মিডিয়া অনুকূল, আনহাতে ডিজিটেল ক্ষেত্ৰখনে প্ৰায়ে বিক্ষিপ্ততা আৰু ‘ডিজিটেল ক্লান্তি’ৰ সৃষ্টি কৰে।

আৰানালা ডাঙৰীয়াই বাতৰি কাকতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা অসংখ্য সুবিধাসমূহৰ বিষয়ে বিশদভাৱে কয়, পঢ়া আৰু লিখাৰ দক্ষতা বৃদ্ধি, সাধাৰণ জ্ঞান সম্প্ৰসাৰণ, আৰু শব্দভাণ্ডাৰ গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি সমালোচনাত্মক চিন্তাধাৰা, বিশ্ব সজাগতা, আৰু সামাজিক চেতনাক প্ৰসাৰিত কৰালৈকে বাতৰি কাকতে সহায় কৰে । তেওঁ কয় যে বাতৰি কাকতে শিক্ষণক আকৰ্ষণীয় আৰু সমৃদ্ধিশালী কৰি তোলে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাম্প্ৰতিক পৰিঘটনা আৰু ধাৰণাসমূহৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে।
তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ উদ্দেশ্যত মনোনিৱেশ কৰিবলৈ, নিজৰ প্ৰচেষ্টাত পাৰদৰ্শিতা দেখুৱাবলৈ, নিজৰ উদ্দেশ্যৰ প্ৰতি মনোযোগ বজাই ৰাখিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ, মনোৰঞ্জনৰ সলনি শিক্ষাক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়ে।

ইয়াৰ পূৰ্বে ইউ এছ টি এমৰ ট্ৰেইনিং এণ্ড প্লেচমেণ্ট বিভাগৰ সঞ্চালক নুৰমহমুদ আলীৰ আদৰণি ভাষণ আছিল। ইউ এছ টি এমৰ উপদেষ্টা ড০ আৰ কে শৰ্মা আৰু ইউ এছ টি এমৰ স্কুল অৱ টেকন’লজি এণ্ড মেনেজমেণ্টৰ ডীন ড০ অমিত চৌধুৰীয়েও উপস্থিতসকলক ভাষণ দি তেওঁলোকৰ দৃষ্টিভংগীৰে অধিবেশনখন সমৃদ্ধ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *