ৰাছিয়া- ইউক্ৰেইন, ইজৰাইল-গাজাৰ মাজত চলি থকা যুদ্ধৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। মঙলবাৰে নিশা আফগানিস্তানৰ ওপৰত বিমান আক্ৰমণ সংঘটিত কৰে পাকিস্তানে। এই আক্ৰমণত বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। ঘটনাস্থলীত এতিয়া চলি আছে উদ্ধাৰ অভিযান।সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি মঙলবাৰে নিশা সংঘটিত হোৱা এই আক্ৰমণত লমনকে ধৰি ৭ খন গাঁৱক লক্ষ্য কৰি লোৱা হয়। এই ঘটনাত এটা পৰিয়ালৰে ৫ জনকৈ সদস্যৰ মৃত্যু হয়। স্থানীয়লোকৰ মতে পাকিস্তানী জেট বিমানে এই আক্ৰমণ সংঘটিত কৰিছে।এই বিমান আক্ৰমণৰ পাছতেই অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *