পুনৰ সীমান্তত আটক ২ বাংলাদেশী নাগৰিক। দেওবাৰে অসম আৰক্ষীয়ে বাংলাদেশী ২ মহিলাক আটক কৰি সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়ায়।আটক কৰা ২ গৰাকী মহিলাৰ নাম লাৱন আৰু বিজলী বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত এক পোষ্ট কৰি এই তথ্য সদৰি কৰাৰ লগতে অসম আৰক্ষীৰ পদক্ষেপৰ শলাগ লয়।এয়াই প্ৰথম নহয়, পূৰ্বতেই ভাৰত- বাংলাদেশ সীমান্তত অসম আৰক্ষীয়ে কেইবাগৰাকী বাংলাদেশী নাগৰিকক আটক কৰি সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়ায়। তথ্য অনুসৰি বাংলাদেশৰ অৰাজকতা আৰম্ভ হোৱাৰ পাছৰ পৰা বৰ্তমান পৰ্যন্ত ২১০ জনৰো অধিক বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰি সীমান্তৰ সিটো পাৰলৈ ঘূৰাই পঠিয়াইছে। Share this:FacebookX Related Post navigation ভাৰত মবিলিটি এক্সপ’ ২০২৫ত ভৱিষ্যতৰ গতিশীলতা উন্মোচন কৰিলে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ মহাকুম্ভ মেলাত ভয়ংকৰ অঘটন