পুনৰ তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে । মহানগৰখনত খোৱাপানীৰ এই তীব্র নাটনিৰ সময়ছোৱাত ১২ দিন পানী যোগান বন্ধ কৰি পাইপৰ ঢাকনিকে ধৰি অন্য বিজুতি চোৱা-চিতাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰিছে জল বোৰ্ডে ।
প্ৰথম পৰ্যায়ত ১২-১৫ ফেব্ৰুৱাৰী, দ্বিতীয় পর্যায়ত ১৯-২২ ফেব্ৰুৱাৰী আৰু তৃতীয় পর্যায়ত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব জল বোৰ্ডৰ পানী যোগান ।পানী পৰিবাহী পাইপৰ বিজুতিৰ পৰীক্ষাৰ নামত বাৰে বাৰে পানী বন্ধ কৰাটো সহ্য কৰা নহ’ব বুলিও বহু গ্রাহকে জল বোর্ডক সকীয়াই দিছে ।
