ইটোৰ পিছত সিটোকৈ জঘন্য ধৰ্ষণ কাণ্ডই শেহতীয়া সময়ছোৱাত জোকাৰিছে দেশ। এনে ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰতিবাদ। তাৰ পিছতো দেশত হ্ৰাস পোৱা নাই এনে নিকৃষ্ট ঘটনা।মধ্য প্ৰদেশৰ সতনাত দুই দুৰ্বৃত্তৰ ধৰ্ষণৰ বলি হৈছে দুগৰাকী যুৱতী। এই নৃশংস অত্যাচাৰৰ বলি হৈ মানসিকভাৱে ভাগি পৰি এগৰাকী যুৱতীয়ে বাচি লৈছে আত্মহত্যাৰ পথ। শৌচ কৰিবলৈ যোৱাৰ সময়তে এই নৃশংসতাৰ বলি হয় যুৱতী দুগৰাকী। ইতিমধ্যে এই ঘটনাৰ দুয়োজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্ত ২১ বছৰীয়া প্ৰকাশ ওৰফে আশীষ মাৱসী আৰু আৰু ১৯ বছৰীয়া গোলু ওৰফে বিপিন শ্ৰীবাস্তৱক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে দুয়োৰে পিতৃকো ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে। আজি আটাইকেইগৰাকী ধৃত ব্যক্তিক আদালতত হাজিৰ কৰাব আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *