পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বুধবাৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে।আদালতত চি বি আইৰ ফালৰ পৰা কোৱা হৈছিল যে, সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক তেওঁলোকে সোধপোছ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মঙ্গলবাৰে চিবিআইয়ে তিহাৰ কাৰাগাৰতে কেজৰিৱালক পৰীক্ষা কৰি সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিছিল। Share this:FacebookX Related Post navigation অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন ৰবীন্দ্ৰ জয়ন্তীৰে সংগতি ৰাখি আয়োজন ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যৰ প্ৰতিযোগিতা, গুৱাহাটীত বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন