শ্ৰীভূমি জিলাত চলোৱা এক অভিযানত প্ৰায় ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত শ্ৰীভূমি জিলাৰ হাতীখিৰা অঞ্চলত চলোৱা নাকা তালাচীৰ সময়ত এই ড্ৰাগছখিনি জব্দ কৰে শ্ৰীভূমি আৰক্ষীয়ে ।গোপন সূত্ৰৰ তথ্য ভিত্তিত শ্ৰীভূমি জিলাৰ হাতীখিৰা অঞ্চলত নাকা তালাচী চলাইছিল শ্ৰীভূমি আৰক্ষীয়ে । চুবুৰীয়া ৰাজ্যৰ পৰা গোপনে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ তথ্য গোপন সূত্ৰৰ লাভ কৰিছিল আৰক্ষীয়ে । এই তথ্য ভিত্তিতে চলোৱা অভিযানত ৪৫ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে । ইফালে শ্ৰীভূমি আৰক্ষীৰ এই সফলতাক সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । Share this:FacebookX Related Post navigation নিছান, হোণ্ডা, আৰু মিতছুবিচি মটৰ্ছে সহযোগিতামূলক বিবেচনাত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে পুনৰ বিমান আক্ৰমণৰ ঘটনা