৭ ৰ পৰা ১৩ অক্টোবৰলৈ পালন কৰা হ’ব পথ সুৰক্ষা সপ্তাহ, দূৰ্গা পূজাৰ পূৰ্বে পৰিবহন বিভাগে জাৰি কৰিছে কিছু পথ সুৰক্ষাৰ নিৰ্দেশনা…উৎসৱৰ এই বতৰত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় বা দুৰ্ঘটনা হ্ৰাস পায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । এইবাৰ দায়িত্বশীলভাৱে গাড়ী চলোৱা আৰু পথ সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।আজি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে উৎসৱৰ বতৰত দায়িত্বশীলভাৱে গাড়ী চলোৱাৰ চলোৱাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিছে যে,সকলোৱে যাতে এই সময়ছোৱাত নিৰাপদে গাড়ী চলাই আৰু নিৰাপদে ফুৰা-চকা কৰিব পাৰে তাৰ উদ্দেশ্যে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । যাতে গাড়ী চলোৱাৰ সময়ত সকলো সাৱধান হয় । Share this:FacebookX Related Post navigation পুনৰ জঘন্য ঘটনা মহিন্দ্ৰাই জেইঅ’ ইলেক্ট্ৰিক ৪-হুইলাৰ মুকলি কৰিছে নগৰীয় লজিষ্টিক পৰিৱৰ্তন কৰাৰ লক্ষ্য