ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি। ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বন্ধ। পূৰ্বে ২৩ আগষ্ট মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধ ঘোষণা কৰা হৈছিল। কিন্তু তিথি অনুযায়ী ২৪ আগষ্টতে পালন কৰা হ’ব মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি পালনৰ দিন আৰু চৰকাৰী বন্ধৰ দিনক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিন্তু সেই বিভ্ৰান্তিৰ অৱসান ঘটালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ২৪ আগষ্টত বন্ধ লাভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। Share this:FacebookX Related Post navigation ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয় স্কোডা অটো ইণ্ডিয়াৰ মুকলি হ’বলগীয়া সৰ্ব-নতুন কম্প্যাক্ট এছ.ইউ.ভি.