চিপছ খায় ভাল পোৱা সকলৰ বাবে বেয়া খবৰ।

অভিভাৱক সাৱধান হওঁক।

সন্তানে বিচাৰিলেই হাতত তুলি নিদিব চিপছৰ পেকেট।

অসমৰ ভোটজলকীয়া দি প্ৰস্তুত কৰা চিপছ শৰীৰৰ বাবে বিপদজনক।

ভোটজলকীয়া দি প্ৰস্তুত কৰা চিপছ খাই চিকিৎসালয়ত ভৰ্তি হৈছে ১৪ গৰাকীকৈ ছাত্ৰ – ছাত্ৰী।

ঘটনা সংঘটিত হৈছে জাপানত।

চিপছ খোৱাৰ পিছতেই পেটৰ বিষ আৰু বমি হয় ছাত্ৰ- ছাত্ৰীসকলৰ।

চিকিৎসালয়ত লগে লগে ভৰ্তি অসুস্থ ছাত্ৰ- ছাত্ৰীসকল।

চিকিৎসালয়ত পোহৰলৈ আহে এই কথা।

ইছ ‘ য়ামা কৰ্পৰ চিপছত দিয়া আছিল সতৰ্কবাণী।

১৮ বছৰৰ তলৰ লোকৰ বাবে নিষিদ্ধ আছিল এই চিপছ।

সতৰ্কবাণী দিয়া আছিল উচ্চ ৰক্তচাপ থকাসকলৰ বাবেও।

এই সতৰ্কবাণী পিছতো ছাত্ৰ – ছাত্ৰীৰ বিক্ৰী কৰা হৈছিল চিপছ।

Leave a Reply

Your email address will not be published. Required fields are marked *