ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট ব্ৰিজবেনত চলি আছে। বৰ্তমান শৃংখলাৰ ফলাফল ১-১। গব্বা টেষ্টৰ পাছতো আছে আৰু দুখন টেষ্ট। তাৰ পূৰ্বে ভাৰতীয় শিবিৰৰ পৰা আহিছে এক ডাঙৰ আপডেট।তৃতীয় টেষ্টৰ মাজতেই দেশলৈ উভতাই পঠিওৱা হ’ল একেলগে ৩ গৰাকী ভাৰতীয় ক্ৰিকেটাৰক!সেই ৩ জন ক্ৰিকেটাৰ হৈছে মুকেশ কুমাৰ, নৱদীপ ছাইনী আৰু যশ দয়াল। নৱদীপ আৰু মুকেশ ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্যক্তিগত টেষ্ট খেলিবলৈ গৈছিল। খলিল আহমেদ আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে যশ দয়ালক প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *