কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু… পুৱা কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ ফলত ৩জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৮জন গুৰুতৰভাৱে আহত হৈছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰ অভিযানকাৰী দলে ধ্বংসাৱশেষৰ তলত এতিয়াও কেইবাজনো তীৰ্থযাত্ৰী আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। দুৰ্ঘটনাটো পুৱা ৭.৩০বজাত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ বহু অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বৰষুণৰ সন্দৰ্ভত ডেৰাডুনৰ বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে জাৰি কৰিছে সতৰ্কবাণী Share this:FacebookX Related Post navigation যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন চুতীয়া যুৱ সন্মিলনৰ ধনশিৰি জিলা সমিতি গঠন