গণৰাজ্য দিৱসৰ আনন্দৰ মাজতে কালি নিশা কলিয়াবৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ভগ্ন মথাউৰিৰ পৰা প্ৰায় ২০ ফুট তলত পৰিল বাইকসহ আৰোহী। এতিয়ালৈকে সন্ধান নাই বাইক আৰোহী যুৱকৰ।বাইক আৰোহীগৰাকী জখলাবন্ধাৰ ৰাঙলুৰ অজয় সিং বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে বাইকখন উদ্ধাৰ কৰিছে যদিও অজয় সিঙৰ কোনো তথ্য লাভ কৰা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *