পুনৰবাৰ দেশত ভাবুকি স্বৰূপ হৈ পৰিছে ক’ভিড-১৯ । সময়ৰ লগে লগে বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪৩০২ জন। ইয়াৰ পিছত বৃহস্পতিবাৰে এই ৰোগী ৪৮৬৬ লৈ বৃদ্ধি পাইছে।লগতে বৰ্তমান সমগ্ৰ দেশৰ ভিতৰতে কেৰালাত ক”ভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা সৰ্বাধিক যি হৈছে ১৪৮৭ জন। এতিয়ালৈকে দেশত ক”ভিডৰ বাবে ৭ জন লোকৰ মৃত্যু হৈছে। দিল্লীত ক’ভিডৰ ফলত এটি ৫ মহীয়া শিশু আৰু এজন ৮৭ বছৰীয়া বৃদ্ধৰ মৃত্যু হয়। কৰ্ণাটকতো ২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ক’ৰ’নাত আক্ৰান্ত হৈ এজন ৬৫ বছৰীয়া আৰু ৪২ বছৰীয়া এজন ব্যক্তিৰ মৃত্যু লিপিবদ্ধ কৰা হৈছে।ইয়াৰ পিছতে এতিয়া দেশজুৰি জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। আকৌ এবাৰ সকলোকে মাস্ক পৰিধান কৰি দুগজ দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। Share this:FacebookX Related Post navigation বানত ক্ষতিগ্ৰস্ত হৈছে অসমৰ ২১খন জিলা চেনাব দলঙত উপস্থিত হৈ দলংখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে