১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই । আজিৰ দিনটোতেই সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই বহু নিৰীহলোকক হত্যা কৰিছিল। আজিও পংগুত্ব জীৱন যাপন কৰি আছে বহুতে।আজি ৩০ অক্টোবৰ! অসমবাসীয়ে পাহৰিব নোৱাৰা এটা দিন। এই দিনটোতেই ২০০৮ চনত অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণে প্ৰাণ কাঢ়িছিল বহুলোকৰ।প্ৰতি বছৰৰ দৰে এইবাৰো অসমৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গণেশগুৰিতো বোমা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধা জনাবলৈ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অভিশপ্ত দিনটো সুঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯টা স্থানত বিস্ফোৰণ সংঘটিত কৰিছল। সেই দিনোটক কঁপি উঠিছিল গুৱাহাটীৰ গণেশগুৰিকে ধৰি ফাঁচী বজাৰ, বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও। এই ভয়ংকৰ বিস্ফোৰণত ৮১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০ জন লোক আহত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *