আজি ৩১ জানুৱাৰী, পবিত্ৰ ‘মে-ডাম-মে-ফী’ । আজিৰ দিনটোত টাই আহোম সকলে পূৰ্ব পুৰুষ সকলক সোঁৱৰি এই অনুষ্ঠান অনুষ্ঠিত কৰে। ‘মে-ডাম-মে-ফী’ৰ অৰ্থ হ’ল, মে মানে তৰ্পন কৰা, ডাম মানে মৃতকৰ আত্মা আৰু ফী মানে হ’ল মৃতকৰ পৰমাত্মা।এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *