আজি বাংলাদেশৰ বিপক্ষে প্ৰথম টি-২০ঃ মূল একাদশত স্থান পাবনে ৰিয়ানে!
বাংলাদেশৰ বিপক্ষে ভাৰতৰ তিনিখনীয়া মেচৰ টি-২০ শৃংখলা আজিৰ পৰা আৰম্ভ হ’ব। আজি শৃংখলাৰ প্ৰথমখন মেচ গোৱালিয়ৰৰ নিউ মাধৱৰাও সিন্ধিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইতিমধ্যে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে এই শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত এই দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগেও। আজি প্ৰথম মেচত ৰিয়ানে দলৰ মূল একাদশত স্থান লাভ কৰিব বুলি অধীৰ আশাৰে বাট চাইছে ৰাজ্যৰ ক্ৰিকেট প্ৰেমীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *