বহু বিতৰ্কৰ অন্তত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল শংকৰজ্যোতি বৰুৱাই। ইয়াৰ পাছতেই খালী হৈ আছে আছুৰ সাধাৰণ সম্পাদকৰ পদ। আজি এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু কাৰ্যালয়ত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।বিতৰ্কৰ মাজতে আজি অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগা কাৰ্যনিৰ্বাহকত ঘোষণা হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ নাম। আছুৰ পাঁচগৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ মাজৰ পৰা এগৰাকীক দিয়া হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব।কাৰ্বি আংলঙৰ জনজাতীয় যুৱক চৰ্জুন হাঞ্চে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হোৱাটো প্ৰায় নিশ্চিত। ইয়াৰ মাজতে পৰৱৰ্তী সাধাৰণ সম্পাদকক লৈও আছুত চলিছে ব্যাপক গুণাগঁথা। আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ বাবে চৰ্চাত আছে শিৱসাগৰৰ সমীৰণ ফুকনৰ নাম। বিগত মৰিগাঁও অধিৱেশনতো সাধাৰণ সম্পাদকৰ অন্যতম দাবীদাৰ আছিল সমীৰণ ফুকন। মৰিগাঁও অধিবেশনত দায়িত্বৰ পৰা বঞ্চিত হৈছিল সমীৰণ ফুকন। Share this:FacebookX Related Post navigation ভাৰতৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছে ৱৰ্ল্ডস্কিলছ ২০২৪ত প্ৰতিযোগিতাত, মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে অংশ লৈ উৎসাহ যোগাইছে প্ৰতিযোগীক ডবকাত ৰাষ্ট্ৰীয় ঘাইপথত দুর্ঘটনা