জম্মু-কাশ্মীৰৰ ৰামবন জিলাৰ অমৰনাথ যাত্ৰা পথত শনিবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ইয়াত পেহেলগাম পথত যোৱা তীৰ্থযাত্ৰীৰ কনভয়ত থকা ৩ খন বাছৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত কমেও ৩৬গৰাকী তীৰ্থযাত্ৰী আহত হয়। চন্দৰকোট লাংগাৰ স্থানৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাটো বাছৰ ব্ৰেক বিকল হোৱাত ইখনে সিখনৰ সৈতে খুন্দা মৰা বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ আহতসকলক লগে লগে প্ৰাথমিক চিকিৎসাৰ বাবে জিলা চিকিৎসালয় ৰামবনলৈ প্ৰেৰণ কৰে। ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্য সম্পন্ন হোৱাৰ লগতে অতি সোনকালেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।

পৱিত্ৰ অমৰনাথ গুহালৈ যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই ৩৯ দিনীয়া তীৰ্থযাত্ৰা ৯ আগষ্টত শাওণৰ পূৰ্ণিমা আৰু ৰাখী বন্ধন উপলক্ষে সমাপ্ত হ’ব। ভক্তসকলে ৩,৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ গুহাটোত উপস্থিত হ’বলৈ পেহেলগাম আৰু বাল্টাল নামৰ পথ দুটাৰ যিকোনো এটা বাছি লয়। পেহেলগাম পথেৰে যাত্ৰা কৰা ভক্তসকলে চন্দনবাড়ী, শেষনাগ আৰু পঞ্চতৰ্ণী হৈ মুঠ ৪৬ কিলোমিটাৰ খোজকাঢ়ি দূৰত্ব অতিক্ৰম কৰে।

ইফালে, শনিবাৰে কটকটীয়া নিৰাপত্তাৰ মাজতে আন এটা বেটচ কাশ্মীৰলৈ ৰাওনা হয়। ইয়াত ৬,৯৭৯ জন তীৰ্থযাত্ৰী আছিল, ইয়াৰে ২,৭৫৩ জন তীৰ্থযাত্ৰী বাল্টাল বেছ কেম্পলৈ ৰাওনা হোৱাৰ বিপৰীতে ৪,২২৬ জন তীৰ্থযাত্ৰী নুনৱান (পাহলগাম)লৈ ৰাওনা হয়। এই আটাইকেইজন তীৰ্থযাত্ৰী ভাগৱতী নগৰ যাত্ৰা নিৱাসৰ পৰা ৩১২খন বাহনত দুখন কনভয়ত ৰাওনা হয়।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা দুদিনত ২৬,৮০০ৰো অধিক ভক্তই পবিত্ৰ গুহাটো দৰ্শন কৰিছে। এই ঘটনাৰ পিছত প্ৰশাসনে যাত্ৰাত নিৰাপত্তা আৰু সাৱধানতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে, যাতে আৰু কোনো দুৰ্ঘটনা নহয়। তীৰ্থযাত্ৰীসকলক যাতায়তৰ নিয়ম মানি চলিবলৈ আৰু প্ৰশাসনে দিয়া নিৰ্দেশনাসমূহ বাধ্যতামূলকভাৱে পালন কৰিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *