নগাওঁ জিলাৰ ৰূপহীহাটত আৰম্ভ হৈছে অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে অভিযান। ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ অবৈধ ফাৰ্মাছীয়ে মানুহৰ জীৱনক লৈ হেতালি খেলাৰ সময়তে নগাঁও জিলাৰ ঔষধ পৰিদৰ্শকগৰাকীৰ নেতৃত্বত এটা দলে আৰম্ভ কৰিছে অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে অভিযান । নগাঁৱৰ ৰূপহীহাটৰ লৰীমূখতো চৰকাৰী নীতি নিয়ম মানি নচলা কেইবাখনো ফাৰ্মাচীত চলিল অভিযান। নগাওঁ জিলা প্ৰশাসনৰ সহযোগত ঔষধ পৰিদৰ্শক গৰাকীয়ে চলোৱা অভিযানৰ সময়ত বহু বিসংগতি ধৰা পৰিল বহু ফাৰ্মাচীৰ। আনফালে এই অভিযানৰ উমান পাই একাংশই অবৈধ ফাৰ্মাচী সমূহ বন্ধ কৰি পলায়নো কৰিলে গৰাকী সমুহে।

Leave a Reply

Your email address will not be published. Required fields are marked *