উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এছ.বি.আই.-য়ে এই সকলোবোৰ তথ্য প্ৰদান কৰিছে কোনে অনুদান দিছিল, কোনে অনুদান লাভ কৰিছিল আৰু দানৰ পৰিমাণ কিমান। ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নিৰ্বাচনী বণ্ডৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ৪৮৭ টা কোম্পানীয়ে বিজেপিক দান কৰিছিল, যাৰ ভিতৰত শীৰ্ষ ১০টা কোম্পানীয়ে ২১১৯ কোটি টকা দান কৰিছিল। যিটো আনৰ তুলনাত সৰ্বাধিক। দলটোৱে যোৱা চাৰি বছৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,০০০ কোটি টকাৰ অধিক অনুদান লাভ কৰিছে।নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিজেপিয়ে হায়দৰাবাদস্থিত মেঘা ইঞ্জিনিয়াৰিংৰ পৰা ৫৮৪ কোটি টকা, কুইক চাপ্লাইৰ পৰা ৩৯৫ কোটি টকা আৰু ফিউচাৰ গেমিংৰ পৰা ১০০ কোটি টকা লাভ কৰিছে। তথ্যই দেখুৱাইছে যে দাতা নং ১ ফিউচাৰ গেমছ এণ্ড হোটেল চাৰ্ভিচেছ লিমিটেডে বিজেপিক ১০০ কোটি টকাৰ পুঁজি যোগান ধৰিছিল। আনহাতে ১,৩৬৮ কোটি টকাৰ তিনি-চতুৰ্থাংশ তৃণমূল কংগ্ৰেছ (৫৪২ কোটি টকা) আৰু ডিএমকে (৫০৩ কোটি টকা)ৰ মাজত প্ৰায় সমানে বিভক্ত কৰা হৈছিল। দাতা নং ২ মেঘা গ্ৰুপ বিজেপি আৰু কংগ্ৰেছ দুয়োৰে বাবে শীৰ্ষ দাতা হিচাপে আত্মপ্ৰকাশ কৰে। গ্ৰুপটোৱে ক্ৰয় কৰা ১,১৯২ কোটি টকাৰ বণ্ডৰ ভিতৰত, ৫৮৪ কোটি টকাৰ প্ৰায় আধা বিজেপিয়ে লাভ কৰিছিল আৰু কংগ্ৰেছে ১১০ কোটি টকা লাভ কৰিছিল। দাতা নং ৩ কলকাতাস্থিত এমকেজে গ্ৰুপ কোম্পানীবোৰে ৬১৭ কোটি টকাৰ বণ্ড ক্ৰয় কৰে, য’ত বিজেপিয়ে ৩৭২ কোটি টকা, কংগ্ৰেছে ১৬১ কোটি টকা আৰু তৃণমূল কংগ্ৰেছে (টিএমচি) ৪৭ কোটি টকা লাভ কৰে। Share this:FacebookX Related Post navigation অননুমোদিত ৰাজনৈতিক বিজ্ঞাপন আঁতৰাবলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ