তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিছিল ৪টাকৈ বন্যহস্তী। পুখুৰীটোত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল ৪ টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ পৰিত্যক্ত পুখুৰীত বিয়লিৰ পৰা গভীৰ নিশা পর্যন্ত বোকা পানীৰ মাজত আবদ্ধ হৈ পৰে বন্যহস্তীকেইটা। তাৰ ভিতৰত এটি পোৱালী হাতীও আছিল।ৰাজ্যৰ চৌদিশে এতিয়া হাতী-মানুহৰ সংঘাত। কৰবাত যদি হাতত দা-লাঠি লৈ ৰাইজে মাজনিশা হাতী খেদিছে, কৰবাত আকৌ হাতীয়ে মানুহ মাৰিছে। বন্যহস্তীয়ে তহিলং কৰিছে বহুতৰে ঘৰ-বাৰী, খেতিপথাৰ। যাৰ বাবে বহু ঠাইত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে। তিতাবৰত দেখা গৈছে এক বিপৰীত দৃশ্য। য’ত ৰাইজে ৰক্ষা কৰিলে ৪টাকৈ বন্যহস্তীৰ প্ৰাণ। গভীৰ নিশা এইদৰে বিপদগ্ৰস্ত হাতীকেইটা উদ্ধাৰ কৰি স্বস্তিৰ নিশ্বাস পেলাই অঞ্চলবাসীয়ে। লগতে যথাসময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ উপৰিও হাতী উদ্ধাৰ কৰিবৰ বাবে এখন এক্সকেভেটৰৰ ব্যৱস্থা কৰা বুলি ঘোষণা কৰাৰ পিছতো নিশা পৰ্যন্ত উক্ত এক্সকেভেটৰখন ঘটনাস্থলীলৈ আনি নিদিয়াত স্থানীয় ৰাইজৰ মাজত ব্যাপক মাত্ৰাত ক্ষোভৰ সৃষ্টি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *