দেওবাৰে অনুষ্ঠিত ইউৰো কাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয় পঞ্জীয়ন কৰি স্পেনিছ দলটোৱে এক নতুন ইতিহাস সৃষ্টি কৰিলে। ইউৰো কাপৰ ইতিহাসত ৪ বাৰকৈ এই ট্ৰফী জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় স্পেইন। স্পেইনে তিনিবাৰকৈ ইউৰো কাপ দখল কৰা জাৰ্মানীৰ অভিলেখ ভংগ কৰিলে। ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলা স্পেইনে ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। দলটোৱে ইউৰো চেম্পিয়নশ্বিপত জয়লাভ কৰি ১২ বছৰীয়া এক দীঘলীয়া অপেক্ষাৰ অন্ত পেলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *