বকোৰ লামপাৰাত শনিবাৰৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ধৰ্ষ ডকাইত এটালৈ আৰক্ষীয়ে নিক্ষেপ কৰে দুজাঁই গুলী। ভৰিত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে নিক্ষেপ কৰে গুলী। গুলীবিদ্ধ কেনাৰাম বসুমতাৰীক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। শুক্ৰবাৰে নিশা ATM চোৰৰ চক্ৰ এটাত কেনাৰাম বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছিল কামৰূপ আৰক্ষীয়ে। কেনাৰামক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তেনে সময়তে পলায়নৰ চেষ্টা দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰীৰ। অসম আৰু মেঘালয়ত বিভিন্ন অপৰাধ কাৰ্যত জড়িত দুৰ্ধৰ্ষ কেনাৰাম। Share this:FacebookX Related Post navigation লাওখোৱা অভয়াৰণ্যত ভয়ংকৰ ঘটনা কামপুৰত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ