পৰম্পৰাগত হস্তী পূজাৰে অহা ১ নৱেম্বৰৰ পৰা মুকলি হ’ব কাজিৰঙাৰ অতিকৈ আকৰ্ষণীয় হাতী ছাফাৰী ৷ পুৱাৰ কোমল ৰ’দজাক লগত লৈ কাজিৰঙাৰ এবুকু পৰিষ্কাৰ বতাহ প্ৰাণ ভৰি গ্ৰহণ কৰাৰ উদ্দেশ্যে হাতী ছাফাৰী কৰিবলৈ পুনৰ আহিব দেশী-বিদেশী পৰ্যটক ৷ এইবাৰ কাজিৰঙাৰ হাতী ছাফাৰীৰ নেতৃত্ব দিব অত্যন্ত সাহসী হাতী লক্ষীমায়ে ৷ইতিমধ্যে বাগৰি বনাঞ্চলৰ হাতীসমূহৰো স্বাস্থ্য পৰীক্ষা, মাইক্ৰ’চিপ পৰীক্ষা আদি সমাপ্ত হৈছে ৷ আনহাতে, যোৱা ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা কাজিৰঙাৰ জীপ ছাফাৰীয়ে পৰ্যটকৰ যথেষ্ট সহাঁৰি লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *