বাঘৰ আতংকৰ বাবে প্ৰভাৱ পৰিছে কলিয়াবৰৰ বনভোজস্থলীত। বাঘৰ ভয়তে কলিয়াবৰৰ শিলঘাট, ত্ৰিশূলধাৰী, হাতীমূৰা আদি বনভোজস্থলীলৈ আগমন হোৱা নাই বনভোজৰ দল।আনহাতে, বাঘৰ ভয়ত সেৰেঙা হৈ পৰিছে শিলঘাটৰ কামাখ্যা দেৱালয়লৈ অহা ভক্তৰ সংখ্যা। ফলত শিলঘাট, ৰবৰ বাৰী আদি এলেকাত থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায়ত ব্যাপক প্ৰভাৱ পৰিছে।উল্লেখ্য যে, শিলঘাটৰ কামাখ্যা দেৱালয়ৰ চৌহদৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰতো ঢেকীয়াপটীয়া বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰাৰ পিছতে অধিক আতংকিত হৈ পৰিছে স্থানীয় লোকসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *