দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত ৰন্ধন গেছ ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ!

আজিৰ পৰা বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰ মূল্য

এতিয়া কিমান টকাত ক্ৰয় কৰিব লাগিব আপুনি ?

এটা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকালৈ বৃদ্ধি পাইছে।

তিনি মাহত একেলেথাৰিয়ে তৃতীয়বাৰৰ বাবে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

সমগ্ৰ দেশতে বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰা ৰাইজক পুনৰ মাধমাৰ দিলে তেল বিপণন কোম্পানীসমূহে।

বিজয়া দশমী আৰু দীপাৱলীৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হৈছে।

আজি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।

বাণিজ্যিক গেছ ব্যৱহাৰ কৰা ৰাইজক পুনৰ মাধমাৰ।

নতুন মূল্যবৃদ্ধিৰ লগে লগে দিল্লীত ১৯ কেজিৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৬৯১ টকাৰ পৰা ১৭৪০ টকালৈ বৃদ্ধি পাইছে।

কলকাতাত ১৮০২ টকাৰ পৰা ১৮৫০.৫০ টকালৈ।

গুৱাহাটীতো ইয়াৰ মূল্য ১৮৯২.৫০ টকালৈ বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে ১ ছেপ্টেম্বৰ আৰু ১ আগষ্টতো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছিল কোম্পানীকেইটাই।

Leave a Reply

Your email address will not be published. Required fields are marked *