শেহতীয়াকৈ পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতি অস্থিৰতা সৃষ্টি হোৱাৰে প্ৰায়ে প্ৰতিদিনে বাংলাদেশীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলাই আহিছে । ইফালে এই অনুপ্ৰৱেশত বাধা দিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শ্ৰীভূমি জিলাৰ পৰা অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই বাংলাদেশীক আটক কৰে আৰক্ষীয়ে । ইয়াৰ লগতে দুই অনুপ্ৰৱেশকাৰীক পৰিচয় পৰীক্ষা কৰাৰ অন্তত পুনৰ চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিয়ে আৰক্ষীয়ে । Share this:FacebookX Related Post navigation বাজাজ ফিনচাৰ্ভ এএমচি-এ বৈচিত্ৰ্যময় বিনিয়োগৰ বাবে মাল্টি কেপ ফাণ্ড প্ৰৱৰ্তন কৰিছে জুইত জ্বলিছে বাংলাদেশ