আজি পুৱা গেছ চিলিণ্ডাৰ পৰিবাহী এখন ট্ৰাকত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও ধাৰাবাহিকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে ট্ৰাকখনৰ ওচৰ চাপিব পৰা নাছিল দলটো।ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ গাজিয়াবাদ।স্থানীয় লোসকলে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডৰ বাবে ওচৰৰ কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই ঘটনাত এতিয়ালৈকে কোনো লোক নিহত বা আহত হোৱাৰ খবৰো পোহৰলৈ অহা নাই।