ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ গৰুৱাঝাৰত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ৫ গৰাকী লোক অসুস্থ।ওদালগুৰিৰ ভেৰগাঁৱৰ ১ নং গৰুৱাঝাৰত একেটা পৰিয়ালৰ শিশু সহ পাঁচ গৰাকী অসুস্থ হৈ পৰিছে।কাঠফুলা খাই অসুস্থ হৈ পৰাত , প্ৰথমতে ডিমাকুছি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছলৈ সংকটজনক অৱস্থাত ওদালগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আটাইকেইগৰাকী ব্যক্তিক ।আগষ্টিন ওৰাং নামৰ ব্যক্তিজনে খাবলৈ বুলি বাগিছাৰ পৰা বিচাৰি আনিছিল বিষাক্ত কাঠফুলা।কাঠফুলা খাই অসুস্থ হোৱা ব্যক্তি কেইগৰাকী হৈছে আগষ্টিন ওৰাং (৩২) , কৃষ্টিনা ওৰাং (২৮) , জুৱেল ওৰাং (১০) , সংগীতা ওৰাং (৮) জছিন্তা ওৰাং (৬) ।

Leave a Reply

Your email address will not be published. Required fields are marked *