মহানগৰ আৰক্ষীক আকৌ অপেন চেলেঞ্জ গাড়ী চোৰৰ! এইবাৰ আৰক্ষীৰ পাপা গাড়ীৰ পৰাই পলাল দুই আচামী ।ফটাশিল আমবাৰী আৰক্ষী থানা এলেকাত ঘটিল চাঞ্চল্যকৰ কাণ্ড। মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল দুই গাড়ী চোৰক। নিশা স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়াৰ পথতে পাপা গাড়ীৰ পৰা পলাল দুই আচামী। ফটাশিল আমবাৰীৰ ধীৰেণপাৰা FRUত স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকাৰ সময়তে আৰক্ষীৰ বেহু ফালি হেণ্ডকাফসহ পলাল দুই আচামী।আচামী পলায়নৰ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা ফটাশিল আৰক্ষীৰ। সংবাদমাধ্যমৰ আগত পলাতক আচামী দুটাৰ নাম এই পৰ্যন্ত প্ৰকাশ কৰা নাই আৰক্ষীয়ে। এইপৰ্যন্ত পলাতক দুই আচামীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে ফটাশিল আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *