আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু বঙাইগাঁৱৰ ছবিগৃহত দৰ্শনী বাতিল হয়, যাৰ পাছতে উত্তেজিত হৈ পৰে জনতা।জানিব পৰা মতে, বঙাইগাঁৱৰ জলী মেক্সৰ অডি-২ৰ দৰ্শনীত যান্ত্ৰিক বিজুতি হয়। যাৰ বাবে পুৱা ৭ টা বজাৰ দৰ্শনী বাতিল কৰিবলগীয়া হয়। শেষবাৰৰ বাবে জুবিন গাৰ্গৰ অন্তিমখন ছবি চাবলৈ বৰপেটা, চাপৰ আদিৰ পৰা ছবিগৃহটোলৈ মানুহ আহিছিল। পুৱা ৩ বজাৰ পৰা লাইনত থিয় দি আছিল যদিও চাবলৈ নাপালে ছবিখন। যাৰ বাবে উত্তেজিত হৈ পৰে জনতা। Share this:FacebookX Related Post navigation ভাৰতৰ অৱসৰৰ সূচকাংক ৪৮ লৈ বৃদ্ধি: এক্সিছ মেক্স লাইফ আই আৰ আই এছ ৫.০ত নগৰীয়া ভাৰতীয়সকলৰ মাজত সজাগতা আগতীয়া পৰিকল্পনা অধিক শক্তিশালী ধনিয়াৰ স্বাস্থ্যৰ উপকাৰিতা