গন্তব্যস্থানৰ নিচেই কাষ চাপিও মাজ আকাশত দেখা দিয়া আকস্মিক যান্ত্ৰিক বিজুতিৰ বাবে সাগৰৰ বুকুত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় এখন হেলিকপ্টাৰ। মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মায়াবন্দৰৰ সমীপত পৱন হংসৰ এই বিমানখন দুৰ্ঘটনাৰ সন্মুখীন হয়। শ্ৰী বিজয় পুৰমৰ পৰা যাত্ৰা আৰম্ভ কৰা হেলিকপ্টাৰখনত আছিল এটি শিশুসহ পাঁচগৰাকী যাত্ৰী আৰু দুজন পাইলট। মায়াবন্দৰ হেলিপেডত অৱতৰণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে হেলিকপ্টাৰখনত কাৰিকৰী বিসংগতিৰ সৃষ্টি হয়। পাইলটে অত্যন্ত নিপুণতাৰে বিমানখন নিয়ন্ত্ৰণ কৰি উপকূলৰ পৰা কিছু দূৰত সাগৰৰ পানীত অৱতৰণ কৰোৱাই এক নিশ্চিত প্ৰাণহানিৰ পৰা যাত্ৰীসকলক ৰক্ষা কৰে। পানীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে বিমানখন আংশিকভাৱে ডুব গৈছিল যদিও তৎক্ষণাত আৰক্ষী আৰু মেৰিন ফৰ্চৰ দলে উদ্ধাৰ অভিযান চলায়। উদ্ধাৰ কৰা যাত্ৰীসকলক ক্ৰমে ৰজিতা দেৱী, তেওঁৰ দুগ্ধপোষ্য সন্তান, কমল চন্দ্ৰ দাস, শিপ্ৰা সাহা আৰু নাম্বি আম্মা বুলি চিনাক্ত কৰে কৰ্তৃপক্ষই। দুৰ্ঘটনাটোৰ পাছত আটাইকে মায়াবন্দৰৰ ডাঃ আৰ পি হাস্পতালত ভৰ্তি কৰা হয়। পৱন হংসৰ এজন মুখপাত্ৰই জনোৱা মতে, পাইলটদ্বয়ৰ লগতে সকলো যাত্ৰী বৰ্তমান সুৰক্ষিত আৰু তেওঁলোকৰ শৰীৰত কোনো গুৰুতৰ আঘাত নাই। ইতিমধ্যে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ চৰকাৰীভাৱে তদন্ত আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় হেলিকপ্টাৰ সেৱা পৱন হংসৰ বিমানসমূহৰ পুৰণি বহৰ আৰু সঠিক ৰক্ষণাবেক্ষণক লৈ এতিয়া স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাইলটৰ সাহসিকতা আৰু ক্ষিপ্ৰ উদ্ধাৰ অভিযানৰ বাবেই আজি এক মৰ্মান্তিক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে সাতজনকৈ লোক। Share this:FacebookX Related Post navigation পিএম বিশ্বকৰ্মা আঁচনিৰ সফলতা: ১২৫ কোটি টকাৰ ঋণে লাভান্বিত শিল্পীসকল ধুবুনী ঘাটত ৰহস্যময় পদচিহ্নক লৈ চাঞ্চল্য, ভক্তৰ ব্যাপক সমাগম