ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত বুধবাৰে সীমান্তৰ সুৰক্ষা বেহু ভাঙি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। কোনো বৈধ নথিপত্ৰ অবিহনেই ভাৰতীয় ভূখণ্ডত সোমোৱাৰ অভিযোগত বি এছ এফ আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। পশ্চিম আগৰতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক ৰাণা চেটাৰ্জীয়ে জনোৱা মতে, ধৃত অভিযুক্ত কেইগৰাকী ক্ৰমে বাবলু, দাউদ শ্বেখ আৰু মুন্না মিঞা। তেওঁলোকে কি উদ্দেশ্যেৰে ভাৰতত প্ৰৱেশ কৰিছিল, সেই সন্দৰ্ভত বৰ্তমান বিভিন্ন সংস্থাই জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে বিদেশী আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰিছে। ৰাণা চেটাৰ্জীয়ে জনোৱা মতে, ধৃত তিনিওজনকে পশ্চিম ত্ৰিপুৰা জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে ইয়াৰে দুগৰাকীক অধিক সোধা-পোছাৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। শেহতীয়াভাৱে বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে ত্ৰিপুৰা সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। Share this:FacebookX Related Post navigation “বাৰামুল্লাৰ পৰা আইপিএললৈ কোটিটকীয়া যাত্ৰা: কাশ্মীৰী যুৱক আকিব নবীৰ অবিশ্বাস্য সফলতাৰ কাহিনী” বিশ্বকাপ জয়ী দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ কৃতিত্বক শচীন তেণ্ডুলকাৰৰ অভিনন্দন