বিশ্বৰ প্ৰথমখন ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ লীগ ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ ২০২৫ৰ আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ছিজন ২ৰ মেগা নিলামৰ বাবে ৰাইডাৰৰ পঞ্জীয়ন আনুষ্ঠানিকভাৱে সমাপ্ত কৰিছে। এই বছৰ আই এছ আৰ এলে অভিলেখ সৃষ্টি কৰি ১৫৫গৰাকী ৰাইডাৰক আকৰ্ষণ কৰিবলৈ সক্ষম হয় – ছিজন ১ৰ তুলনাত ৫০% অধিক বৃদ্ধি পঞ্জীয়নে অভিজাত ছুপাৰক্ৰছ খেলুৱৈসকলৰ বাবে নিজকে এক আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰিছে। বিশ্বৰ ৬খন মহাদেশৰ ২১খন দেশৰ ৰাইডাৰসকলৰ সৈতে ২০২৫ৰ ছিজনত বিশ্ব চেম্পিয়ন, উদীয়মান তাৰকা আৰু স্থানীয় ভাৰতীয় প্ৰতিভাৰ এক শক্তিশালী মিশ্ৰণ প্ৰদৰ্শন দেখা পাব। লীগৰ সূচকীয় বৃদ্ধিয়ে ভাৰতৰ মটৰস্প’ৰ্টছৰ বিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰ সংকেত দিছে। প্ৰথমবাৰৰ বাবে লীগত বিশ্বজুৰি খ্য়াতিমান ছুপাৰক্ৰছ খেলুৱৈ যেনে: ১) গ্ৰেগ আৰাণ্ডা (ফ্ৰান্স) – ৬ বাৰৰ জাৰ্মান ছুপাৰক্ৰছ চেম্পিয়ন, ২) এন্থনী বৰ্ডন (ফ্ৰান্স) – ভাইচ চেম্পিয়ন, ফ্ৰান্সৰ এছএক্স১, ৩) মেক্সিম ডেচপ্ৰে (ফ্ৰান্স) – ফ্ৰান্সৰ এমএক্স এণ্ড এছএক্স চেম্পিয়ন, ৪) জাষ্টিন ষ্টাৰলিং (আমেৰিকা) –এএমএ এছএক্সৰ ১০৬টাকৈ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ৫) আলেকজেণ্ডাৰ ফেডৰ্টছভ (আমেৰিকা) – ২০২৫ এছএমএক্স নেক্সট এএমএ নেচনেল চেম্পিয়ন আৰু ৬)লুক ক্লাউট (অষ্ট্ৰেলিয়া) – এএমএ এছএক্স শীৰ্ষ ৫, বিশ্ব ছুপাৰক্ৰছ চেম্পিয়নশ্বিপৰ ৰাইডাৰে অংশগ্ৰহণ কৰিব। আইএছআৰএলৰ সহ-প্ৰতিষ্ঠাপক ঈশান লোখাণ্ডে এই বিষয়ে কয় যে, “ভাৰতত ছুপাৰক্ৰছ স্পষ্টভাৱে বিজুলী বেগেৰে উন্নতিৰ দিশে আগুৱাইছে আৰু এইবাৰৰ ৰাইডাৰ পঞ্জীয়নৰ পৰিমাণ আৰু মানদণ্ডই সেই গতিবেগৰ কথা প্ৰতিফলিত কৰে।” প্ৰথমবাৰৰ বাবে আই এছ আৰ এলত অংশ গ্ৰহণ কৰিবলগীয়া আমেৰিকাৰ (শীৰ্ষ ১০ এএমএএছএক্স) জন শ্বৰ্টে নিজৰ অনুভৱ সদৰি কৰি কয় যে, ”মই বিভিন্ন দেশৰ লীগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু যেতিয়াই মই আইএছআৰএলে ছিজন ১ত দেখুওৱা সফলতা-পৰিৱেশ প্ৰত্যক্ষ কৰিলোঁ, তেতিয়াই মই ইয়াৰ অংশ হ’ব বিচাৰিলোঁ।” ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ছুপাৰষ্টাৰ ছলমান খানৰ সহযোগিতাই ছিজন ২ অধিক বিস্তৃত, বলিষ্ঠ আৰু দ্ৰুত হ’বলৈ সাজু হৈছে। ছিজন ১-ত উৎকৃষ্ট প্ৰদৰ্শনৰ পিছত আইএছআৰএল ছিজন ২-ৰ বাবে যোগদান নিশ্চিত কৰা গ্লবেল তাৰকাসকলে সৰ্বোচ্চ উজাৰি দিবলৈ সাজু হৈছে। মেট মছে(৯ বাৰৰ অষ্ট্ৰেলিয়ান চেম্পিয়ন) এই বিষয়ে কয় যে- “ছিজন ১ আছিল মোৰ বাবে এক কল্পনাতীত অভিজ্ঞতা। ভাৰতলৈ অহাটো এক সাংস্কৃতিক পৰিৱৰ্তন আছিল কিন্তু সৰ্বোত্তমভাৱে আছিল ই ইতিবাচক।” ৰুগভেদ বৰগুজে (ইণ্ডিয়া এছএক্স/এমএক্স চেম্পিয়ন) নিজৰ উচ্চাস ব্যক্ত কৰি কয় যে, “ভাৰতত এক সঠিক ছুপাৰক্ৰছ ট্ৰেকত ৰেচিং কৰাটো এটা স্বপ্ন আছিল।” জৰ্ডি টিক্সিয়াৰ(এমএক্সঅ’এন বিশ্ব চেম্পিয়ন) নিজৰ অনুভৱ সদৰি কৰি কয় যে, “আইএছআৰএলৰ আত্মপ্ৰকাশৰ ছিজনে মোক সঁচাকৈয়ে আপ্লুত কৰিছিল।” Share this:FacebookX Related Post navigation বাজাজ এলিয়াঞ্জ লাইফ ৱমেন টাৰ্ম চাৰ্ভে কম বয়সীয়া হৃদৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধিৰ মাজতে গুৱাহাটীত সজাগতা সৃষ্টি কৰিছে মেডাণ্টই