ডুৰাণ্ড লাইনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত যোৱা নিশাৰ পৰা সূত্ৰপাত ঘটিছে ধাৰাবাহিক বিস্ফোৰণ আৰু আকাশী আক্ৰমণৰ। এই ঘটনাই সমগ্ৰ দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিত এক ব্যাপক উত্তজনাৰ সৃষ্টি কৰাৰ লগতে চুবুৰীয়া দেশ আফগানিস্তানৰ সৈতে পাকিস্তানৰ সম্পৰ্ক এক ভয়ংকৰ দিশলৈ লৈ গৈছে। সীমান্তত বৃদ্ধি পোৱা এই সংঘাতৰ পাছতে শুকুৰবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে আফগানিস্তানৰ বিৰুদ্ধে একপ্ৰকাৰ ‘প্ৰত্যক্ষ যুদ্ধ’ৰ ঘোষণা কৰিছে। আছিফে অত্যন্ত কঠোৰ ভাষাৰে কয়, “আমাৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে। এতিয়া আমাৰ আৰু আপোনালোকৰ মাজত প্ৰত্যক্ষ যুদ্ধ আৰম্ভ হৈছে।” সীমান্তত দুয়ো দেশৰ মাজত আৰম্ভ হোৱা এই সংঘাতত ইতিমধ্যে দুয়োপক্ষৰ যথেষ্ট হানি-বিঘিনি ঘটিছে। আফগানিস্তানৰ তালিবান চৰকাৰৰ মতে, পাকিস্তানৰ বিমান আক্ৰমণৰ পাছত প্ৰত্যুত্তৰত চলোৱা অভিযানত পাকিস্তানৰ অন্তত ৫৫ গৰাকী জোৱান নিহত হৈছে। তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে পাকিস্তানক কাবুল, কান্দাহাৰ আৰু পাক্টিয়াত বোমা বৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি পাকিস্তানৰ সামৰিক বাহিনীক ‘কাপুৰুষ’ বুলি অভিহিত কৰে। ইফালে, পাকিস্তানে এই পৰিসংখ্যা অস্বীকাৰ কৰি দাবী কৰিছে যে তেওঁলোকৰ আক্ৰমণত ১৩৩ গৰাকী তালিবান যুঁজাৰু নিহত হোৱাৰ লগতে ২০০তকৈ অধিক আহত হৈছে। পাকিস্তানৰ তথ্য মন্ত্ৰী আটাউল্লাহ তাৰাৰে জনোৱা মতে, পাকিস্তানৰ মাত্ৰ দুজন জোৱানহে নিহত হৈছে। পাকিস্তানৰ ৰাষ্ট্ৰপতি আচিফ আলী জাৰ্দাৰীয়ো এই সন্দৰ্ভত কয়, “পাকিস্তানে নিজৰ সাৰ্বভৌমত্বৰ সৈতে কেতিয়াও আপোচ নকৰে। আমাৰ শান্তি কামনাক কোনেও দুৰ্বলতা বুলি ভাবিলে তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব।” পাকিস্তানৰ সামৰিক হানি-বিঘিনিৰ বিপৰীতে আফগানিস্তানৰ তথ্যৰ মাজত দেখা গৈছে এক বিশাল পাৰ্থক্য। তালিবান বাহিনীয়ে পাকিস্তানৰ ৫৫ জন জোৱান নিহত হোৱা আৰু দুটা সামৰিক ঘাটি দখল কৰাৰ দাবী কৰিছে। আনহাতে, পাকিস্তানে এই দাবী নসাৎ কৰি নিজৰ পক্ষৰ মাত্ৰ দুজন জোৱান নিহত হোৱা বুলিহে জানিবলৈ দিছে। ইয়াৰ বিপৰীতে পাকিস্তানৰ আক্ৰমণত ১৩৩ গৰাকী তালিবান যুঁজাৰু নিহত হোৱা বুলিহে ইছলামাবাদে দাবী কৰিছে। বৰ্তমান টৰ্খাম সীমান্তত দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়াগুলী অব্যাহত থকাৰ বাবে সাধাৰণ ৰাইজক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে। খবৰ অনুসৰি, আকাশীপথত পাকিস্তানৰ এখন বিমানো আফগান বাহিনীয়ে ভূপাতিত কৰিছে, যদিও ইয়াৰ কোনো নিৰপেক্ষ সত্যতা এতিয়ালৈকে পোৱা হোৱা নাই। ব্ৰিটিছ যুগৰ ডুৰাণ্ড লাইনক কেন্দ্ৰ কৰি চলি থকা এই বিবাদে এতিয়া সমগ্ৰ অঞ্চলটোতে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation ইণ্ডিয়া এআই ইমপেক্ট চামিটত প্ৰতিবাদ! যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ উদয় ভানুক গ্ৰেপ্তাৰ