এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী স্প্ৰিণ্টাৰ হিমা দাসক ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ ঘটনাত দোষমুক্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি-ড’পিং এজেন্সিয়ে (নাডা) তেওঁক পুনৰ পূৰ্বাৱৰ্তী নিলম্বন কৰিছে। ষোল্ল মাহৰ নিলম্বনৰ ম্যাদ আছিল ২২ জুলাই ২০২৩ ৰ পৰা ২১ নৱেম্বৰ ২০২৪ লৈ আৰু খেলুৱৈগৰাকী এতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মুক্ত কিন্তু আশ্চৰ্যজনকভাৱে, তেওঁ এই বছৰৰ জুনত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। নাডাই শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁ ঠিকনা প্ৰকাশ নকৰাৰ বাবে তেঁওলোকৰ এণ্টি-ড’পিং পেনেলে তেওঁক নিলম্বিত কৰে। নাডা ৱেবছাইট অনুসৰি, ‘ধিং এক্সপ্ৰেছ’ বুলি খ্যাত হিমাক ৰিজলিউশ্বন চুক্তিৰ অংশ হিচাপে নিলম্বনৰ অধীনত ৰখা হৈছে। তেওঁ বৰ্তমান তিৰুৱন্তপুৰমত প্ৰশিক্ষণ লৈ আছে।

তেওঁৰ নিলম্বনৰ ম্যাদে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কিয়নো তেওঁ এই বছৰৰ এপ্ৰিলৰ পৰা প্ৰতিদ্বন্দিতা কৰি আহিছে, যাৰ ভিতৰত আছে বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স মিট আৰু জুনত পঞ্চকুলাত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক বৈঠক, আনহাতে, তেওঁৰ নিলম্বন ২১ নৱেম্বৰ, ২০২৪ লৈকে আছিল। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল যে তেওঁ জুনত চাৰিটা দৌৰত প্ৰতিদ্বন্দিতা কৰিছিল। এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ (এএফআই) এটা সূত্ৰইও নিশ্চিত কৰিছে যে তেওঁৰ নিলম্বন নৱেম্বৰত সমাপ্ত হৈছিল। যেতিয়া দুয়োপক্ষই সন্মতি দিয়ে, এণ্টি-ড’পিং এজেন্সিৰ মাজত এক ৰিজলিউশ্বন চুক্তি কৰা হয়, তাৰ পিছত তেওঁৰ নিলম্বন সমাপ্ত হয়। পেনেলে তেওঁক ১২ মাহত তিনিবাৰ তেওঁৰ ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ বাবে ড’পিং অভিযোগৰ পৰা মুক্ত কৰিছিল।

উল্লেখ্য যে ২৪ বছৰীয়া হিমাক যোৱা বছৰীয়া নাডাই তেওঁৰ ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ বাবে ১২ মাহত তিনিবাৰ অস্থায়ীভাৱে নিলম্বিত কৰিছিল। মাৰ্চত শুনানিৰ পিছত এণ্টি-ড’পিং ডিচিপ্লিনেৰী পেনেল (এডিডিপি)ৰ দ্বাৰা তেওঁক নিৰ্দোষ সাব্যস্ত কৰা হৈছিল। তেওঁ ৩০ এপ্ৰিলত বেংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স ১ ত ২০০ মিটাৰ ইভেণ্টত পুনৰ প্ৰতিদ্বন্দিতা কৰিছিল। ৪ ছেপ্টেম্বৰৰ ৰায়দানত, এণ্টি-ড’পিং আপীল পেনেলে তেওঁক ড’পিং অভিযোগৰ পৰা মুক্ত কৰাৰ অনুশাসনমূলক পেনেলৰ সিদ্ধান্তক বাহাল ৰাখিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *