আবুধাবিত মঙলবাৰে অনুষ্ঠিত হয় আই পি এল ২০২৬ৰ মিনি নিলাম। ৪৮ জন ভাৰতীয় আৰু ২৯ জন বিদেশী খেলুৱৈৰ বাবে মুঠ ২১৫.৪৫ কোটি টকা ব্যয় কৰা হৈছিল। ছয়জন অষ্ট্ৰেলিয়ান খেলুৱৈক ৪৫.৭০ কোটি টকাত বিক্ৰী কৰা হয়। ভাৰতৰ অনকেপড খেলুৱৈৰ চাহিদাও আছিল অধিক, শীৰ্ষ পাঁচজন খেলুৱৈৰ বাবে ৪৫ কোটি টকা ব্যয় কৰা হৈছিল। নিলামত ২৩ জন বেগী বলাৰ, ৯ জন স্পিনাৰ, ১২ জন উইকেটকীপাৰ, ১০ জন বেটছমেন, আৰু ২৩ জন অল ৰাউণ্ডাৰ বিক্ৰী হয়। কলকাতাই সৰ্বাধিক খেলুৱৈ ক্ৰয় কৰিছিল (১৩), আনহাতে পঞ্জাবে সৰ্বনিম্ন (৪) ক্ৰয় কৰিছিল। মুম্বাইত সৰ্বনিম্ন ব্যয় হৈছে, ২.২০ কোটি টকা। ইফালে ষ্টিভ স্মিথ, মহীশ থিকশানা, ডেভন কনৱেৰ দৰে প্ৰবীণ খেলুৱৈ বিক্ৰী নোহোৱাকৈয়ে ৰৈ যায়। এই মিনি নিলামত দ্ৰুত বলাৰৰ চাহিদা আৰু অলৰাউণ্ডাৰৰ আধিপত্য দেখা গৈছিল। ২৩ গৰাকী অল-ৰাউণ্ডাৰৰ ভিতৰত ১২ গৰাকী কোটিপতি হৈ পৰে, ইয়াৰে ৬ গৰাকীৰ মূল্য ৫ কোটি টকাতকৈও অধিক। ৩২জন বলাৰ বিক্ৰী হয়, ইয়াৰে ১৩জন কোটিপতি হৈ পৰে। ইয়াৰে ২৭.২০ কোটি টকাত ২ পেচাৰ বিক্ৰী হয়। ১০ জন বেটছমেন বিক্ৰী হৈছিল, আৰু ইয়াৰে শীৰ্ষ খেলুৱৈ কেমেৰন গ্ৰীণক বাদ দি বাকী ৯ জন বেটছমেনৰ মূল্য আছিল মাত্ৰ ১১.৩৫ কোটি টকা। অৱশ্যে উইকেটকীপাৰ-বেটছমেনে নিশ্চিতভাৱে সকলোকে আচৰিত কৰি তুলিলে। ৩৮.৬০ কোটি টকাত ১২ গৰাকী উইকেটকীপাৰ বিক্ৰী হয়, ইয়াৰে ১০ জন কোটিপতি হৈ পৰে। মাত্ৰ ৯ টা স্পিন বলাৰহে বিক্ৰী হ’ল, ইয়াৰে মাত্ৰ ৩ টাহে ১ কোটি টকাৰ মূল্য অতিক্ৰম কৰিব পাৰিলে। আই পি এলৰ মিনি নিলামৰ সময়ত স্থানীয় আনকেপড খেলুৱৈয়ে প্ৰায়ে যথেষ্ট মনোযোগ আকৰ্ষণ কৰে। এইবাৰো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৪৮ গৰাকী ভাৰতীয়ৰ ভিতৰত ৩৯ গৰাকীয়ে এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰা নাছিল। ইয়াৰ পিছতো শীৰ্ষ পাঁচজন খেলুৱৈৰ বাবে ৪৫ কোটি টকা ব্যয় কৰা হৈছিল। দুজন খেলুৱৈয়ে ১৪ কোটি টকাৰ ওপৰত লাভ কৰিছিল, যিটো আই পি এলৰ ইতিহাসত অভিলেখ। ইয়াৰ পূৰ্বে এই অভিলেখ আৱেশ খানৰ হাতত আছিল, যিয়ে ২০২২ চনত ১০ কোটিত বিক্ৰী হৈছিল।নিলামত অষ্ট্ৰেলিয়াৰ এজন অনকেপড খেলুৱৈও ক্ৰয় কৰা হৈছিল। পেচ বলিং অল-ৰাউণ্ডাৰ জেক এডৱাৰ্ডে ৩ কোটিত হায়দৰাবাদত যোগদান কৰে। মুঠ ১০ জন অনকেপড খেলুৱৈ কোটিপতি হৈছিল, ৩০ জন খেলুৱৈয়ে ৩০ৰ পৰা ৯৫ লাখৰ ভিতৰত বিক্ৰী হৈছিল। আই পি এলৰ নিলামত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল সদায় আটাইতকৈ অধিক মূল্যত বিক্ৰী হৈ আহিছে আৰু এইবাৰো একেই ধাৰা দেখিবলৈ পোৱা যায়। ছয়জন খেলুৱৈয়ে ৪৫.৭০ কোটি টকাত বিক্ৰী হৈছিল, অৰ্থাৎ প্ৰতিজন খেলুৱৈৰ গড় আয় ৭.৫০ কোটি অতিক্ৰম কৰিছিল। বেটছমেন কেমেৰন গ্ৰীণ প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হয়, তেওঁক কলকাতা নাইট ৰাইডাৰ্ছে ২৫.২০ কোটিত ক্ৰয় কৰে। শ্ৰীলংকাৰ পৰা অহা আন বিদেশী খেলুৱৈসকলে মুঠ মূল্য ২৪ কোটি টকা আছিল। দ্ৰুত বলাৰ মথিশ পাথিৰানাক ১৮ কোটি বিনিময়ত কেকেআৰে ক্ৰয় কৰিছিল। বাংলাদেশৰ পৰা মাত্ৰ এজন আৰু ৱেষ্ট ইণ্ডিজৰ দুজন খেলুৱৈ বিক্ৰী হৈছিল যদিও তেওঁলোকৰ মূল্য ৯ কোটি অতিক্ৰম কৰিছিল। দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়ে আটাইতকৈ কম মূল্য লাভ কৰিছিল, দেশখনৰ চাৰিজন খেলুৱৈ বিক্ৰী হৈছিল যদিও কোনোৱেই ২ কোটি অতিক্ৰম কৰা নাছিল। Share this:FacebookX Related Post navigation ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত আই পি এল ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব পূৱ মণ্ডল অন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ; গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলৰ ৰাওনা