দিল্লীৰ বতাহ এতিয়া বিষত পৰিণত হৈছে। এই শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ দিল্লী চৰকাৰে এক নজিৰবিহীন সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা দিল্লীৰ সকলো চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰাটো বাধ্যতামূলক কৰা হৈছে। চৰকাৰে সতৰ্ক কৰি দিছে যে যিবোৰ কোম্পানীয়ে এই নিৰ্দেশ উলংঘা কৰিব, তেওঁলোকে জৰিমনা ভৰিব লাগিব।

যোৱা ১৫ ডিচেম্বৰত দিল্লীৰ বায়ুৰ গুণমান সূচকাংক (AQI) ৪৯৮ স্পৰ্শ কৰিছিল, যিটো ‘চিভিয়াৰ প্লাছ’ শ্ৰেণীৰ আটাইতকৈ ভয়াৱহ স্তৰ। এই সংকটৰ বাবে বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (CAQM) সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত আটাইতকৈ কঠোৰ প্ৰদূষণ বিৰোধী বাধা ‘গ্ৰেপ-৪’ জাৰি কৰিছে। ইয়াৰ অংশ হিচাপে নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰা হৈছে আৰু যাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলক চৰকাৰে ১০,০০০ টকাকৈ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছে।

বিগত কেইবাদিনো ধৰি দিল্লীত ঘন কুঁৱলী আৰু ধোঁৱাৰ বাবে দৃশ্যমানতা অভাৱনীয়ভাৱে হ্ৰাস পাইছিল। ইয়াৰ ফলত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বিমান চলাচলতো ব্যাঘাত জন্মিছে। অৱশ্যে বুধবাৰে পুৱা বতাহৰ গতি বৃদ্ধি পোৱাত AQI কিছু পৰিমাণে হ্ৰাস পাই ৩২৯ হৈছে। ‘গ্ৰেপ-৪’ৰ অধীনত দিল্লীৰ বাহিৰৰ পৰা অহা পুৰণি বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আৰু বৈধ প্ৰদূষণ নিয়ন্ত্ৰণ পত্ৰ নথকা বাহনক পেট্ৰ’ল পাম্পত ইন্ধন নিদিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ কথা লক্ষ্য ৰাখি ষষ্ঠৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হাইব্ৰিড মোডত (অনলাইন আৰু অফলাইনৰ সংমিশ্ৰণ) পাঠদান চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিৰ্ছাই এই পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি কয় যে ৯-১০ মাহৰ ভিতৰত দিল্লীৰ পৰা প্ৰদূষণ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো কোনো চৰকাৰৰ বাবেই সম্ভৱ নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *