বলীউডৰ মোহময়ী অভিনেত্ৰী, ফিটনেছ আৰু ভ্ৰমণ উৎসাহী চাৰা আলী খানে প্ৰথমবাৰৰ বাবে গোৱাৰ শান্ত-সৌম্য এয়াৰবিএনবিত চাৰিজনকৈ অতিথিৰ এটা বিশেষ গোটৰ বাবে এক বিশেষ ৱেলনেছ আৰু যোগ ৰিট্ৰিটৰ আয়োজন কৰিছে। সুকোমল ৰ’দৰ আমেজ লৈ নান্দনিক দৃশ্যৰাজিৰ মাজত ভ্ৰমণকাৰীক অনন্য আৰু যুগজয়ী স্মৃতি প্ৰদান কৰিবলৈ সাজু হৈছে, যি এজন পৰ্যটকৰ সামগ্ৰিক সুস্থতা, আৰাম আৰু নিজৰ যত্নৰ বাবে এক সঠিক পৃষ্ঠভূমি প্ৰদান কৰে। নিজ ব্যস্ততাৰে ভৰা চলচ্চিত্ৰ কেৰিয়াৰৰ সমানে ফিটনেছৰ প্ৰতি থকা চাৰা আলী খানৰ সমৰ্পণ আৰু ভাৰসাম্যৰ বাবে সকলোৰে মাজত জনাজাত, চাৰাই এতিয়া গোৱাৰ এই ৰিট্ৰিটৰ বাবে এয়াৰবিএনবিলৈ নিজৰ সুস্থতা আৰু যোগাসনৰ প্ৰতি থকা আকৰ্ষণক তুলি ধৰিছে। “কেৱল এয়াৰবিএনবিত গোৱাৰ এই বিশেষ সুস্থতা আৰু যোগাসন ক্ষণলৈ অতিথিসকলক স্বাগতম জনাবলৈ পাই মই সঁচাকৈয়ে উৎসাহিত হৈছোঁ” এইদৰে সদৰি কৰে চাৰাই। এয়াৰবিএনবিয়ে ২০২২ চনত গোৱা পৰ্যটন বিভাগৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল, য’ত গোৱাৰ নিৰ্মল পৰিৱেশ আৰু ইয়াৰ অনন্য হোমষ্টে পৰিৱেশ তন্ত্ৰক প্ৰচাৰ-প্ৰসাৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল। এই বিষয়ে এয়াৰবিএনবিৰ ভাৰত, দক্ষিণ-পূব এছিয়া, হংকং আৰু টাইৱানৰ জেনেৰেল মেনেজাৰ অমনপ্ৰীত বাজাজে কয় যে, ‘এয়াৰবিএনবিৰ শেহতীয়া আয়োজক হিচাপে চাৰাক আদৰণি জনাবলৈ পাই আমি আনন্দিত হৈছোঁ। গোৱা চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰোহন খৌণ্টে কয় যে, গোৱা ৰাজ্যখন সুস্থতা গন্তব্যস্থান হিচাপে শেহতীয়াভাৱে বিৱৰ্তনে ৰাজ্যখনৰ অবিশ্বাস্য বৈচিত্ৰ্যক প্ৰৌজ্বল কৰি তুলিছে। Share this:FacebookX Related Post navigation নিছান মটৰ ইণ্ডিয়াই দক্ষিণ আফ্ৰিকালৈ নিউ নিছান মেগনাইট ৰপ্তানি কৰা আৰম্ভ কৰিছে সলনি হ’ল অসমৰ এখন জিলাৰ নাম