ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে অভিনৱ সুবিধাসম্পন্ন গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি ফোনটো উন্মোচন কৰিছে। নতুন এ ছিৰিজ ডিভাইচবোৰত গৰিলা গ্লাছ ভিক্টাছ+ সুৰক্ষা, এআই-বৰ্ধিত কেমেৰা সুবিধা আৰু চেমচাং নক্স ভল্ট, এক টেম্পাৰ-প্ৰতিৰোধী সুৰক্ষা প্ৰদান আছে। চেমচাং গেলেক্সি এ৫৫ ৫জি আৰু এ৩৫ ৫জি ফোন দুটা অভিনৱ ডিজাইনৰ বাবে প্ৰখ্যাত, য’ত প্ৰথমবাৰৰ বাবে এ৫৫ ৫জিৰ বাবে মেটেল ফ্ৰেম আৰু গেলেক্সি এ৩৫ ৫জিৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰিমিয়াম গ্লাছ বেক প্ৰদান কৰা হৈছে।

এই ফোনসমূহত সন্নিৱিষ্ট হৈছে এক ফ্লটিং কেমেৰা ডিজাইন আৰু এক ৰৈখিক বিন্যাস(লিনিয়েৰ লে-আউট) আৰু তিনিটা ট্ৰেণ্ডি ৰঙত উপলব্ধ: অ’চম লাইলাক, অ’চম আইচব্লু  আৰু অ’চম নেভী ৰঙত। গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি হৈছে আইপি৬৭ ৰেটিং প্ৰাপ্ত এক প্ৰযুক্তিসম্পন্ন স্মাৰ্টফোন, যিয়ে ১ মিটাৰ ফ্ৰেছ ৱাটাৰ, ধূলি, বালিৰ মাজতো ৩০ মিনিটলৈকে সহ্য কৰিব পাৰে। ইয়াৰ উপৰিও সন্মুখ আৰু পিছফালে গৰিলা গ্লাছ ভিক্টাছ+ সুৰক্ষা প্ৰদান কৰে, যাৰ ফলত এইসমূহ যিকোনো পৰিস্থিতিৰ বাবে উপযোগী।

নতুন এ ছিৰিজৰ স্মাৰ্টফোনত ফটো ৰেমাষ্টাৰ, প’ৰ্ট্ৰেইট ইফেক্ট, অবজেক্ট ইৰেজাৰ, ইমেজ ক্লিপাৰ, এডজাষ্ট স্পীডকে ধৰি এআই-বৰ্ধিত কেমেৰাৰ সুবিধাও আছে। গেলেক্সি এ৫৫ ৫জি আৰু এ৩৫ ৫জি মোবাইলত চেমচাং নক্স ভল্ট আগবঢ়োৱা হৈছে, যি হৈছে হাৰ্ডৱেৰ-ভিত্তিক সুৰক্ষা ব্যৱস্থা, যিয়ে হাৰ্ডৱেৰ আৰু চফ্টৱেৰ আক্ৰমণৰ বিৰুদ্ধে ব্যাপক সুৰক্ষা প্ৰদান কৰে। এই ব্যৱস্থা প্ৰণালীয়ে চিষ্টেমৰ মূল প্ৰচেছৰ আৰু মেমৰি পৃথকে ৰখাৰ লগতে লক স্ক্ৰীন ক্ৰিডেনচিয়েল আৰু ডিভাইচ ইনক্ৰিপচন কি’ৰ দৰে জটিল তথ্যসমূহ সুৰক্ষিত কৰি ৰাখে।

Leave a Reply

Your email address will not be published. Required fields are marked *