ব্যস্ততাপূৰ্ণ চহৰখনৰ মাজমজিয়াত পিষ্টলধাৰী দুষ্কৃতিকাৰীৰ এটা দলে দিন দুপৰতে ত্ৰাসৰ সৃষ্টি কৰি লুটি নিলে কোটি কোটি টকাৰ অলংকাৰ। শনিবাৰে বৰপেটা ৰোডৰ দুৰ্গা বাৰী ৰোডত অৱস্থিত ‘সেনকো অলংকাৰ’ নামৰ প্ৰতিষ্ঠিত জুৱেলাৰী শ্বোৰুমটোত এই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হয়। পাঁচজনীয়া মুখা পিন্ধা ডকাইতৰ দলটোৱে চলোৱা এই অতৰ্কিত আক্ৰমণে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শ্বোৰুমত গ্ৰাহক আৰু কৰ্মচাৰী ব্যস্ত থকাৰ মাজতে ডকাইতৰ দলটোৱে ভিতৰত সোমাই সকলোকে মাৰণাস্ত্ৰৰে পণবন্দী কৰি লয়। হাতত পিষ্টল লৈ অহা দুষ্কৃতিকাৰীকেইজনে আলমাৰী আৰু বাকচত থকা অতি মূল্যবান সোণ, ৰূপ আৰু হীৰাৰ আছবাবসমূহ নিমিষতে লুটি উধাও হয়। স্থানীয় সূত্ৰৰ মতে, লুট হোৱা এই সামগ্ৰীসমূহৰ বজাৰ মূল্য প্ৰায় ৪ কোটিৰ পৰা ১২ কোটি টকা পৰ্যন্ত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কোকৰাঝাৰৰ নিবাসী অসিত দেৱনাথৰ মালিকানাধীন এই প্ৰতিষ্ঠানটোত ডকাইতিৰ খবৰ পোৱাৰ লগে লগে বৰপেটা ৰোড আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ অঞ্চলটোত নাকা চেকিং তীব্ৰতৰ কৰি তোলাৰ লগতে ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰিবলৈ শ্বোৰুমৰ চিচিটিভি ফুটেজসমূহ এতিয়া আৰক্ষীৰ বাবে গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে বিবেচিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে চাৰি জনক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে। চহৰখনৰ ইমান ব্যস্ত এলেকাক লক্ষ্য কৰি লোৱা এই ডকাইতি কাণ্ডই এতিয়া ব্যৱসায়ীসকলৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে যে অপৰাধীৰ দলটোক কৰায়ত্ত কৰিবলৈ বিশেষ টীম গঠন কৰা হৈছে আৰু অতি সোনকালেই ফলাফল আশা কৰা হৈছে। এই ঘটনাই বৰপেটা ৰোডত এক অভূতপূৰ্ব নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation কইনাধৰাত নিশা গোপন বৈঠক; অমিত শ্বাহক লৈ ভূপেন বৰাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ উন্নত ৰেল যোগাযোগেৰে অৰুণাচলৰ সীমান্ত স্পৰ্শ; চিল্লেলৈ ১১০ কিলোমিটাৰ বেগত দৌৰিব ৰেল