ভাৰত মণ্ডপমত অনুষ্ঠিত ইণ্ডিয়া এআই ইমপেক্ট চামিট ২০২৬ ৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ গোচৰত দিল্লী আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ উদয় ভানু চিবক। ৰাষ্ট্ৰীয় ৰাজধানীৰ এই হাই-প্ৰফাইল বৈশ্বিক সন্মিলনৰ স্থানত যুৱ কংগ্ৰেছে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে জড়িত থকাৰ অভিযোগত উদয় ভানুক আটক কৰা হয়।

যোৱা শুকুৰবাৰে চামিট চলি থকাৰ সময়তে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্লোগান দিছিল। তেওঁলোকে দেশৰ পৰিচয়ৰ সৈতে আপোচ কৰাৰ অভিযোগ উত্থাপন কৰি বিক্ষোভ প্ৰদৰ্শন কৰে। উচ্চ পৰ্যায়ৰ অংশগ্ৰহণ থকা এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটোত নিৰাপত্তা সংস্থাসমূহৰ চকুৰ সন্মুখতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল।

এই গ্ৰেপ্তাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেলে চৰকাৰৰ এই পদক্ষেপক তীব্ৰ গৰিহণা জনাইছে। বাঘেলে ইয়াক একনায়কত্ববাদী কাৰ্য আখ্যা দি অভিযোগ কৰে যে উদয় ভানুৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ অবৈধ। গণতন্ত্ৰত যুৱক-যুৱতীসকলে প্ৰশ্ন কৰা আৰু প্ৰতিবাদ কৰাটো কোনো অপৰাধ নহয় বুলিও তেওঁ মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *