কণমানি নৃত্য পটিয়সী প্ৰিয়াঞ্চী দাসে বিগত ২৯ জুলাইত সংস্কৃত সংগম ইন্টাৰনেছনেল প্ৰতিযোগিতাত যোগদান কৰি ‘বেষ্ট এৱাৰ্ড’ লাভ কৰি মুম্বাইত হ’ব লগীয়া ‘মুম্বাই কাৰ্নিভেল’লৈ নিৰ্বাচিত হৈছে । এগৰাকী কণমানি নৃত্য পটিয়সীয়ে এনে এক সুৱৰ্ণ সুযোগ লাভ কৰাটো সত্ৰ নগৰী বৰপেটাৰ বাবে এই মুহূৰ্ত্তত সবাতোকৈ সু খবৰ। নহাটীৰ গোৱিন্দ দাস তথা প্ৰণীতা দাসৰ কন্যা, বৰপেটাৰ ‘পোহৰ’ নাট বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰিয়াঞ্চী বৰ্তমান পঞ্চম শ্ৰেণীৰ অধ্যয়নৰত ।

 দহ বছৰীয়া এই কণমানি নৃত্য শিল্পী গৰাকীয়ে বৰপেটা সত্ৰৰ তাল খোল,নাগাৰা আদি বাদ্য যন্ত্ৰৰ মাজত থাকি ডাঙৰ দীঘল হোৱাৰ পূৰ্ণ সুযোগত বন্দী হৈ সত্ৰীয়া নৃত্য, বিহু নৃত্য, মডাৰ্ণ নৃত্য, ক্লাছিকেল নৃত্য আদিত প্ৰচুৰ জ্ঞান অৰ্জন কৰাৰ লগতে ‘পোহৰ’ নাট বিদ্যালয়ৰ পৰা জ্ঞান আহৰণ কৰি এগৰাকী প্ৰচুৰ সম্ভাবনা পূৰ্ণ নৃত্য শিল্পী ৰূপে ভূমুকি মাৰিবলৈ সক্ষম হয়। প্ৰিয়াঞ্চীৰ সফলতাৰ চানেকি হৈছে বিভিন্ন প্ৰতিযোগিতা, বিভিন্ন অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি সন্মান, বঁটা প্ৰাপ্তি। প্ৰতিভা গজালিতেই প্ৰমাণ পোৱা যায় আৰু সেই গজালি লহপহকৈ ক্ৰমশ: বাঢ়ি বিকশিত ৰূপ ধাৰণ কৰে । নহাটীৰ এই কণমানি নৃত্য পটিয়সী গৰাকীয়েও তেনে এক পৰিচয় দিবলৈ সক্ষম হৈছে । ইতিমধ্যে অৰ্জন কৰা বহু সন্মান, বঁটা প্ৰাপ্তিয়ে  প্ৰিয়াঞ্চীৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছে ।

কণমানি নৃত্য পটিয়সী গৰাকীয়ে পোৱা বঁটা আৰু সন্মান সমুহ হৈছে –  ২০২০ বৰ্ষত মেজাংকৰী অনলাইন বিহু প্ৰতিযোগিতাত ‘স্পট লাইট এৱাৰ্ড’, ২০২১ বৰ্ষত গুৱাহাটী শিশু নাট বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত অনলাইন কৰ্মশালাত শিশু বিভাগত যোগদান কৰি শ্ৰেষ্ঠ বঁটা, ২০২২ বৰ্ষত কামৰূপ জিলাৰ বেজেৰাত নৃত্য শিৱা সনম আৰু নৃত্য ময়ুৰী সনম অংশগ্ৰহণ কৰি বিশেষ সন্মান, ২০২২ বৰ্ষত উৰিষ্যাৰ কটক মহানগৰীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্য, মডাৰ্ণ নৃত্য আৰু লোকনৃত্য প্ৰতিযোগিতাত যোগদান কৰি শ্ৰেষ্ঠত্ব বঁটা অৰ্জন, ২০২৩ বৰ্ষত জেডিপি নিউজে আয়োজন কৰা মডেলিংত ৰানাৰ্চ আপ বঁটাৰ লগতে ২০২৩ শ্ৰেষ্ঠ শিশু শিল্পী বঁটা, একেটা বৰ্ষতে নৰ্থ ইষ্ট প্ৰো মডেল হান্টত ৰানাৰ্চ আপ বঁটাৰ লগতে মডাৰ্ণ নৃত্যত শ্ৰেষ্ঠত্ব খিতাপ আৰু শেহতীয়াকৈ প্ৰিয়াঞ্চীলৈ আহে সুৱৰ্ণ সুযোগটো, অৰ্থাৎ মুম্বাই কাৰ্নিভেল’লৈ নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে প্ৰিয়াঞ্চী দাসে। জানিব পৰা মতে কণমানি নৃত্য শিল্পী প্ৰিয়াঞ্চীৰ কাৰ্নিভেললৈ আমন্ত্ৰিত হোৱা সুযোগ লাভে দেউতাক গোৱিন্দ দাস আৰু মাক প্ৰণীতা দাসক উৎফুল্লিত কৰি তুলিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *