ভেলেণ্টাইন ডে’ৰ পূৰ্বে টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ অংশ অৰ্গেনিক ইণ্ডিয়াই সচেতন জীৱন-যাপন আৰু অৰ্থপূৰ্ণ উদযাপনৰ বাবে প্ৰস্তুত কৰা সুস্থতা থিমযুক্ত গিফ্ট হেম্পাৰৰ এক নিৰ্বাচিত পৰিসৰ মুকলি কৰিছে। বিশেষ “ভেলেণ্টইন’ছ ডে’ গিফটিং এডিট”ত জৈৱিক সম্ভাৰেৰে পৰিপূৰ্ণ প্ৰয়োজনীয় সামগ্ৰী, বনৌষধি চাহ আৰু সুস্থতা সামগ্ৰীৰ সংমিশ্ৰণেৰে উপহাৰৰ বাকচ মুকলি কৰা হৈছে, যিয়ে স্বাস্থ্যসন্মত আৰু চিন্তাশীল উপহাৰৰ বিকল্প বিচৰা গ্ৰাহকসকলৰ অভাৱ পূৰণ কৰিব। গ্ৰাহকৰ বাবে আগবঢ়োৱা সামগ্ৰীসমূহৰ ভিতৰত ১,৯৯৯ টকা মূল্যৰ চেভাৰী ছুইটহাৰ্ট গিফট বক্সত হিমালয়ান মাল্টিফ্লৰেল মৌ, গৰুৰ ঘিউ, কুইনোৱা, ব্ৰাউন ৰাইচ, চিয়া আৰু ফ্লেক্স বীজ, গুড় পাউডাৰ, বাদাম, কিচমিচ আৰু ব্ৰেণ্ডৰ তুলসী ডিটক্স কাহৱাৰ দৰে প্ৰমাণিত জৈৱিক মূল সামগ্ৰীসমূহ অন্তৰ্ভুক্ত আছে, যাৰ লক্ষ্য হৈছে পুষ্টিকৰ খাদ্য পৰম্পৰাৰক উৎসাহিত কৰা। কাঠৰ উপহাৰ বক্সত– ১০০ চাহ বেগ (১,২৯৯ টকা)ত অৰিজিনেল, আদা, মচালা চাহ আৰু গ্ৰীন টি ক্লাছিককে ধৰি বিভিন্ন ধৰণৰ তুলসী চাহৰ ভিন্নতা উপস্থাপন কৰা হৈছে, আনহাতে এক্সটিক ব্ৰিউ গিফ্ট বক্স (১,০৭৯ টকা)ত চাহ অনুৰাগীৰ বাবে ষ্টেইনলেছ-ষ্টীলৰ ইনফিউজাৰৰ সৈতে যোগ কৰা প্ৰিমিয়াম তুলসী চাহৰ মিশ্ৰণ আছে। অসমৰ খুচুৰা বিক্ৰেতাসকলে বিশেষকৈ উৎসৱ আৰু ঋতুভিত্তিক অনুষ্ঠানত সুস্থতা-কেন্দ্ৰিক উপহাৰৰ বিকল্পৰ বৰ্ধিত চাহিদাৰ কথা প্ৰকাশ কৰিছে, য’ত জৈৱিক খাদ্য আৰু ভেষজ চাহৰ হেম্পাৰে চহৰীয়া গ্ৰাহকসকলৰ মাজত প্ৰিমিয়াম অথচ স্বাস্থ্য-কেন্দ্ৰিক উপহাৰে জনপ্ৰিয়তা লাভ কৰিছে। উদ্যোগ পৰ্যবেক্ষকসকলে আশা কৰিছে যে এই ধাৰাই অঞ্চলটোত ভেলেণ্টাইন ডে’ত বিক্ৰী শক্তিশালী কৰিব কিয়নো সচেতন জীৱনশৈলীৰ পচন্দবোৰে ক্ৰয় আচৰণকো সমানে প্ৰভাৱিত কৰে। Share this:FacebookX Related Post navigation পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ ! অবৈধ মহৰ অগৰবট্টিছ ‘কম্ফৰ্ট’ আৰু ‘স্লিপ ৱেল’ৰ বিৰুদ্ধে ৰাজ্যজুৰি দমন কৰাৰ নিৰ্দেশ মহাৰাষ্ট্ৰৰ