অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰাৰ সময়তে এতিয়া কংগ্ৰচৰ সমৰ্থন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে এআইইউডিএফে। ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এআইইউডিএফৰ নেতা ৰফিকুল ইছলামে জনায় যে তেওঁলোকে ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছে।

বিগত সময়ৰ ৰাজনৈতিক সহযোগিতাৰ কথা সোঁৱৰাই দি ইছলামে কয় যে ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে সদায় কংগ্ৰেছক সমৰ্থন দি আহিছে। কংগ্ৰেছ দলেও সেই সময়ত সহায়ৰ বিনিময়ত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰি এআইইউডিএফৰ নেতাগৰাকীয়ে কয় যে এতিয়া সেই প্ৰতিশ্ৰুতি পালন কৰাৰ উপযুক্ত সময় আহি পৰিছে।

এআইইউডিএফ দলে তেওঁলোকৰ সভাপতি বদৰুদ্দিন আজমলক উচ্চ সদনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিছে। আজমলৰ দৰে এজন নেতা ৰাজ্যসভালৈ গ’লে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উপকৃত হ’ব বুলি দলটোৱে যুক্তি দৰ্শাইছে। অৱশ্যে কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি লাভ কৰা নাই বুলি ইছলামে জানিবলৈ দিয়ে।

ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনে এতিয়া বিৰোধী ঐক্যৰ সমীকৰণক লৈ নতুন চৰ্চাৰ সৃষ্টি কৰিছে। বিৰোধী দলসমূহৰ মাজত এই আসনক লৈ বুজাবুজি হ’ব নে নহয়, তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে। কংগ্ৰেছে এই সন্দৰ্ভত অতি সোনকালে এক ইতিবাচক সিদ্ধান্ত ল’ব বুলি এআইইউডিএফৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *