চিকিৎসা বিজ্ঞানৰ যন্ত্ৰপাতিৰ অনুপস্থিতিত কেৱল উপস্থিত বুদ্ধি আৰু সাহসেৰে কেনেকৈ এজন মানুহৰ জীৱন ৰক্ষা কৰিব পাৰি, তাৰ এক বিৰল নিদৰ্শন দাঙি ধৰিলে কেৰালাৰ তিনিগৰাকী যুৱ চিকিৎসকে। কোচিৰ এটা ব্যস্ত পথত দুৰ্ঘটনাগ্ৰস্ত এজন যুৱকৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম ঘটাত চিকিৎসককেইগৰাকীয়ে এখন সাধাৰণ দাড়ি খুৰোৱা ব্লেড আৰু প্লাষ্টিকৰ ষ্ট্ৰ’ ব্যৱহাৰ কৰি পথৰ ওপৰতে এক জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এই অভাবনীয় কাৰ্যই এতিয়া দেশজুৰি চিকিৎসক সমাজৰ লগতে জনসাধাৰণৰ মাজতো ব্যাপক চৰ্চা লাভ কৰিছে।

বিৱৰণী অনুসৰি, কোট্টায়ম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ অধ্যাপক ডাঃ বি মনুপ আৰু ইন্দিৰা গান্ধী সমবায় চিকিৎসালয়ৰ ডাঃ থমাছ পিটাৰ আৰু ডাঃ ধীধিয়া কে থমাছে সেই পথেৰে গৈ থকা অৱস্থাতে এজন আঘাতপ্ৰাপ্ত যুৱকক উদ্ধাৰ কৰে। লিনু নামৰ যুৱকজনৰ মুখমণ্ডলত গুৰুতৰ আঘাত লগাৰ ফলত তেওঁৰ শ্বাসনলীত তেজ গোট মাৰিছিল আৰু তেওঁ উশাহ ল’বলৈ অসমৰ্থ হৈছিল। পৰিস্থিতিৰ গুৰুত্ব বুজি চিকিৎসক তিনিজনে কোনো যন্ত্ৰপাতিৰ বাবে অপেক্ষা নকৰি স্থানীয় লোকৰ পৰা এখন ব্লেড আৰু প্লাষ্টিকৰ পাইপ যোগাৰ কৰি ‘ক্ৰিকথাইৰয়ডটমী’ নামৰ জৰুৰীকালীন অস্ত্ৰোপচাৰটো আৰম্ভ কৰে।

ইফালে এই জটিল প্ৰক্ৰিয়াটোৰ সময়ত স্থানীয় ৰাইজ আৰু আৰক্ষীয়েও সহযোগ কৰি মোবাইলৰ ফ্লাছ লাইট জ্বলাই পোহৰৰ ব্যৱস্থা কৰে। বিশেষভাৱে লক্ষণীয় আছিল যে তাত উপস্থিত থকা কোনো লোকেই এই সমগ্ৰ দৃশ্য মোবাইলত ৰেকৰ্ডিং কৰি চিকিৎসকসকলক আমনি কৰা নাছিল। অস্ত্ৰোপচাৰৰ জৰিয়তে যুৱকজনৰ শ্বাসনলী মুকলি কৰাৰ পাছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ডাঃ মনুপে নিজেও এম্বুলেন্সত উঠি ৰোগীজনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হাস্পতাললৈ লগত যায়।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে চিকিৎসক কেইগৰাকীৰ এই আদৰ্শমূলক পদক্ষেপক উচ্চ প্ৰশংসা কৰিছে। আই এম এ-ৰ ৰাজ্যিক সভাপতি ডাঃ এম এন মেনন আৰু সম্পাদক ডাঃ ৰয় আৰ চন্দ্ৰনে এক বিবৃতিত জনাইছে যে হাতত থকা সীমিত সমলেৰেই এজন দুৰ্ঘটনাগ্ৰস্তৰ জীৱন ৰক্ষা কৰি এই যুৱ চিকিৎসক কেইগৰাকীয়ে সমাজত এক অনন্য নিদৰ্শন দাঙি ধৰিছে। ছ’চিয়েল মিডিয়াতো এতিয়া এই তিনিগৰাকী চিকিৎসকক লৈ প্ৰশংসাৰ জোৱাৰ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *