নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে (এনএছডিচি) লক্ষ্ণৌ বিশ্ববিদ্যালয়ত ৯ আৰু ১০ মাৰ্চত দুদিনীয়াকৈ আয়োজিত মেগা অনুষ্ঠান কৌশল মহোৎসৱৰ জৰিয়তে যুৱক-যুৱতীৰ সবলীকৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথা সদৰি কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ পৃষ্ঠপোষকতাত ৰূপায়িত এই পদক্ষেপৰ উদ্দেশ্য হৈছে লক্ষ্ণৌ আৰু চুবুৰীয়া জিলাসমূহৰ নিবনুৱাৰ বাবে নিয়োগ আৰু এপ্ৰেণ্টিশ্বিপ(শিক্ষানবিশ)ৰ সুযোগ প্ৰদানৰ বাবে এখন বিশাল মঞ্চ প্ৰদান কৰি দক্ষতাৰ দৃশ্যপট নতুন ৰূপত সংজ্ঞায়িত কৰা। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিব লগা এই অনুষ্ঠানটোৱে দক্ষতা বিকাশৰ ক্ষেত্ৰত যুগান্তকাৰী হোৱাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। লক্ষ্ণৌৰ বিজেপি নেতা নীৰজ সিঙে যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি আৰু দক্ষতা বিকাশৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া বেদমণি তিৱাৰীয়ে দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে যুৱক-যুৱতীৰ সবলীকৰণ, আত্মনিৰ্ভৰশীলতা(আতমনিৰ্ভৰ)ৰ প্ৰসাৰ আৰু বিভিন্ন খণ্ডত প্ৰাসংগিক চাকৰিৰ সুযোগ বৃদ্ধিৰ বাবে সংস্থাটোৰ নিষ্ঠাৰ কথা পুনৰবাৰ উল্লেখ কৰিছে। হিন্দুস্তান এৰোনটিক্স লিমিটেড, জিঅ’, ফ্লিপকাৰ্ট আৰু এক্সিছ বেংকৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানকে ধৰি ৯০ৰো অধিক নিয়োগকৰ্তাই অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। এই নিয়োগ মেলাত প্ৰায় ২০,০০০+ খালী পদ পূৰণ কৰাৰ সম্ভাৱনা আছে। আগ্ৰহী প্ৰাৰ্থীসকলে এনএছডিচি জব পৰ্টেলত পঞ্জীয়ন কৰিব পাৰে আৰু বিএফএছআই, আইটি/আইটিইএছ, টেলিকম, ৰিটেইল, অটোমোটিভ আৰু ইলেক্ট্ৰনিকছৰ দৰে খণ্ডত নিজৰ সুযোগ-সম্ভাৱনা অন্বেষণ কৰিব পাৰে। নিয়োগৰ সম্ভাৱনাৰ বাহিৰেও কৌশল মহোৎসৱে যুৱক-যুৱতীৰ বিকাশ-অগ্ৰগতিৰ এক সামগ্ৰিক দৃষ্টিভংগী আগবঢ়ায়। পৰামৰ্শদাতা নোহোৱাকৈয়ে পঞ্জীয়ন, এপ্ৰেণ্টিছশ্বিপৰ সুযোগ আৰু স্কিল ইণ্ডিয়া ডিজিটেল প্লেটফৰ্মৰ সজাগতা কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ প্ৰদানকে ধৰি উপলব্ধ বৈচিত্ৰ্যময় অফাৰ বা সুবিধা আগবঢ়াইছে। Share this:FacebookX Related Post navigation লিমকা বুক অফ ৰেকৰ্ডছে ইয়াৰ ২০২৪ সংস্কৰণ উন্মোচন কৰে তামিলনাডু আৰু কেৰালাত “কা” কাৰ্যকৰী হ’বলৈ নিদিয়াৰ ঘোষণা দুই মুখ্যমন্ত্ৰীৰ