নিছান মটৰ কোম্পানী লিমিটেডে প্ৰতিযোগিতামূলক বজাৰত নিজৰ গুৰুত্ব বৃদ্ধি আৰু সেৱা উন্নীত কৰাৰ লক্ষ্যৰে নতুন ব্যৱসায়িক পৰিকল্পনা আৰ্ক মুকলি কৰিছে। এই পদক্ষেপৰ অধীনত এক বিস্তাৰিত সামগ্ৰীৰ সুবিধা, বৰ্ধিত বৈদ্যুতিকৰণ সুযোগ, অভিযান্ত্ৰিক আৰু উৎপাদনৰ বাবে নতুন পদ্ধতি, শেহতীয়া প্ৰযুক্তি আৰু বিশ্বজুৰি বাহন বিক্ৰী বৃদ্ধি আৰু অধিক লাভ অৰ্জন কৰাৰ বাবে কৌশলগত অংশীদাৰিত্ব আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ২০২৬ৰ ভিতৰত নিছানে ১ মিলিয়ন ইউনিট বাহন বিক্ৰী আৰু ৬% অপাৰেটিং লাভ অৰ্জন কৰাৰ লক্ষ্য ৰাখিছে, এই সময়ছোৱাত গ্ৰাহকৰ বাবে ১৬টা ইলেক্ট্ৰিফাইড মডেলকে ধৰি ৩০টা নতুন মডেল মুকলি কৰা হ’ব। ২০২৬ৰ ভিতৰত আইচিইৰ ৬০% যাত্ৰী-বাহনৰ মডেল নতুন ৰূপত মুকলি কৰা হ’ব। আনহাতে ইভি প্ৰতিযোগিতামূলক সামৰ্থ্য পৰৱৰ্তী প্ৰজন্মৰ ইভিৰ বাবে ৩০% খৰচ হ্ৰাস কৰি বৃদ্ধি কৰা হ’ব আৰু ২০৩০ৰ ভিতৰত খৰচৰ সমতা লাভৰ প্ৰয়াস কৰা হ’ব। ২০২৭ বিত্তীয় বৰ্ষত “পৰিয়াল” উন্নীতকৰণ আৰম্ভ হোৱাৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ ইভি খৰচ হ্ৰাস পাব। কৌশলগত অংশীদাৰিত্ব প্ৰযুক্তি, প্ৰডাক্ট পৰ্টফলিঅ’ আৰু চফ্টৱেৰ সেৱাসমূহ সম্প্ৰসাৰিত কৰিব নিছানে। লভ্যাংশ(ডিভিডেণ্ট) আৰু বাইবেক ৩০%তকৈ অধিক শ্বেয়াৰহোল্ডাৰ ৰিটাৰ্ণৰ লক্ষ্য ৰখা হৈছে, আনহাতে নতুন ব্যৱসায়িক উদ্যোগে ২০৩০ৰ ভিতৰত ২.৫ ট্ৰিলিয়ন য়েন অতিৰিক্ত ৰাজহ আহৰণৰ বাবে বহনক্ষম বৃদ্ধি আৰু লাভ নিশ্চিত কৰাৰ বাবে নতুন পৰিকল্পনা হাতত লোৱা হৈছে।” Share this:FacebookX Related Post navigation হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ টিপিইএমৰ বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা